BSF এতিয়া ৰাজনৈতিক হাথিয়াৰ পাঞ্জাৱ-পশ্চিম বংগত-অসমত শক্তি বৃদ্ধি BSFৰ
দেশৰ তদন্তকাৰী সংস্থা সমূহক কেন্দ্ৰ চৰকাৰ সমূহে ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি অহা কোনো নতুন কথা নহয়। CBI, ED, NIA, আদিৰ দৰে সংস্থা সমূহৰ কাম কাজক লৈ সময়ে সময়ে বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈ আহিছে। কিন্তু এই তদন্তকাৰী সংস্থা সমূহক নিজ স্বাৰ্থত ব্যৱহাৰ কৰি অহা কেন্দ্ৰীয় চৰকাৰে এইবাৰ ৰাজনৈতিক হাথিয়াৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে BSFক। হয় ঠিকেই শুনি দেশৰ প্ৰতিৰক্ষাৰ সৈতে জড়িত BSFক এইবাৰ মোডী চৰকাৰে ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে। ভাৰত-পাকিস্থানৰ সীমা ৰেডক্লিফ লাইনৰ সুৰক্ষাৰ দায়িত্ব ১৯৬৫ চনৰ পৰাই পালন কৰি আহিছে BSF য়ে। কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক জাননী জাৰি কৰি BSFক সীমা সুৰক্ষাৰ লগতে অতিৰিক্ত ভাৱে তিনিখন ৰাজ্যৰ সীমাৰ সৈতে সংলগ্ন ৫০ কি:মি: অঞ্চলৰ আইন শৃংখলা জনিত কাম কাজৰো দায়িত্ব প্রদান কৰা হৈছে। এতিয়াৰে পৰা সীমাৰ সৈতে সংলগ্ন ৫০কি:মি: অঞ্চলত BSFয়ে
অপৰাধৰ তদন্ত কৰিব পাৰিব গ্ৰেপ্তাৰ কৰিব পাৰি। আৰক্ষীৰ দৰেই কাম কৰিব পাৰিব BSFয়ে। উল্লেখযোগ্য যে পূৰ্বে BSFৰ অধিকাৰ ক্ষেত্ৰ আছিল ১৫কি:মি:। আপাত দৃষ্টিত এয়ানো কি ডাঙৰ কথা। কিন্তু ৰব । মোডী-অমিত শ্বাহৰ এই সিদ্ধান্তক লৈ এতিয়া আৰম্ভ হৈছে বিতৰ্কৰ। দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে গৃহ মন্ত্ৰালয়ৰ এই সিদ্ধান্তৰ জৰিয়তে BSFক ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ পৰিকল্পনা অভিহিত কৰিছে। কিয়নো BSFৰ অধিকাৰ ক্ষেত্ৰ বৃদ্ধিৰ এই সিদ্ধান্তৰ জৰিয়তে পাঞ্জাৱ আৰু পশ্চিম বংগৰ অ বিজেপি চৰকাৰৰ বিৰুদ্ধে সীমান্ত বৰ্তী অঞ্চলত BSFক ব্যৱহাৰ কৰাৰ পৰিকল্পনা আখ্যা দিছে কংগ্ৰেছে। উল্লেখ যে BSF যিহেতু গৃহ মন্ত্ৰালয়ৰ অধীনস্থ তেনেস্থলত অ bjp শাসিত ৰাজ্য দুখনত গৃহ মন্ত্ৰালয়ে প্ৰত্যক্ষ হস্তক্ষেপ কৰিব বুলি শংকা ব্যক্ত কৰিছে কংগ্ৰেছে। ইয়াৰ জৰিয়তে দেশৰ যুক্তৰাষ্ট্ৰীয় পৰিকাঠামোত আঘাত কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ জেষ্ঠ মুখপাত্র ৰনদীপ সিং সূৰ্যৱালীয়াই।সূৰ্যৱালীয়াই লগতে কয় যে কিছুদিন পূৰ্বে ২৮০০০হাজাৰ কেজি ড্ৰাগছ উদ্ধাৰ হৈছে গুজৰাটৰ আদানী বন্দৰত আৰু চৰকাৰে BSFৰ অধিকাৰ ক্ষেত্ৰ বৃদ্ধি কৰিছে পাঞ্জাৱ, এয়া এক ষড়যন্ত্ৰ। গৃহ মন্ত্ৰালয়ৰ এনে সিদ্ধান্তৰ আঁৰত আগুণটোক পাঞ্জাৱৰ বিধানসভা নিৰ্বাচনো লক্ষ্যত ৰাখি কৰা হৈছে বুলি একাংশই অভিযোগ উত্থাপন কৰিছে। ইপিনে পাঞ্জাৱ মুখ্যমন্ত্ৰী চৰনজিত সিং চন্নিয়ে পাঞ্জাৱ লগত গৃহ মন্ত্ৰালয়ে প্ৰতাৰণা কৰা বুলি উল্লেখ কৰিছে। এই সিদ্ধান্তৰ জৰিয়তে এতিয়াৰে পৰা পাঞ্জাৱ আধা অংশ গৃহ মন্ত্ৰালয়ৰ অধীনলৈ যাব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।