দশমীৰ দিনটোতে ৰাস্তাৰ ভক্তক মহতিয়াই নিলে তীব্ৰবেগী বাহনে, এজনৰ মৃত্যুৰ লগতে ২০আহত…

যোৱা দশমীৰ দিনটোত চত্তিশগড়ত যোশপুৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। এখন তীব্ৰ বেগী বাহনে একাংশ ভক্তক মহটিয়াই নিয়া দৃশ্য ভাইৰেল হৈ পৰাৰ পিছতেই এই ঘটনাই তীব্ৰ চৰ্চা লাভ কৰিছে। এই ঘটনাত ১ লোকে প্ৰাণ হেৰুওৱাৰ লগতে আহত হয় প্ৰায় ২০ জনকৈ লোক।আনহাতে এই ঘটনা সংঘটিত কৰা দুজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দুৰ্ঘটনা সংঘটিত কৰা দুজন ব্যক্তি ক্ৰমে মধ্যপ্ৰদেশ নিবাসী বাবলু বিশ্বকৰ্মা আৰু শিশুপাল চাহু বুলি চিনাক্ত কৰা হৈছে। দুয়োজনে চত্তিশগড়ৰ মাজেৰে পাৰ হৈ যাওতেই উক্ত দুৰ্ঘটনাটো সংঘটিত কৰে। এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে অত্যন্ত দুখজনক আখ্যা প্ৰদান কৰিছে।

Leave A Reply

Your email address will not be published.