বিশ্বগুৰুৰ দেশ নহয়, ভাৰত এতিয়া বিশ্বৰ ভোকাতুৰ দেশ
বিশ্ব গুৰুৰ নহয় ,
ভোকাতুৰৰ দেশ হ’ল ভাৰত!
বাংলাদেশ-পাকিস্তানত-নেপাল-ম্যানমাৰ
তলত ভাৰত।বিশ্বগুৰুৰ দেশ নহয়, ভাৰত এতিয়া বিশ্বৰ ভোকাতুৰ দেশবাংলাদেশ-পাকিস্তান-নেপালতকৈও অধিক ভোকাতুৰ আছে ভাৰতত।বিশ্বৰ ১১৬ খন ৰাষ্ট্ৰৰ ভিতৰত ভোকাতুৰ দেশৰ তালিকাত ভাৰতৰ স্থান ১০১।পূৰ্বতকৈ ৭টা স্থান পিছুৱালে ভাৰতৰ স্থান।বিশ্ব ক্ষুধা সূচাংকত প্ৰকাশ পাইছে দেশৰ ভোকাতুৰৰ ভয়াবহ অৱস্থাৰ কথা।প্ৰকাশ পালে বিশ্ব ক্ষুধা সূচাংক। ১১৬ খন ৰাষ্ট্ৰক লৈ চলোৱা সমীক্ষাত ভাৰত স্থানে সকলোৰে চকু কপালত তুলিছে। বিশ্বৰ দ্বিতীয় জনবহুল সৰ্ব বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ খনৰ ক্ষুধা সূচাংকই উদঙাই দিছে দেশৰ জনসাধাৰণৰ দূৰ অৱস্থাৰ স্বৰূপ। শেহতীয়াকৈ প্ৰকাশিত সূচাংকত ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰ নেপাল, ম্যানমাৰ , পাকিস্তান, বাংলাদেশতকৈও তলত বহু তলত স্থান লাভ কৰিছে। তালিকাত ম্যানমাৰে ৭১, নেপালে – বাংলাদেশে যুটীয়া কৈ ৭৬, পাকিস্তানে ৯২ স্থান লাভ কৰাৰ বিপৰীতে ভাৰতৰ স্থান ১০১। উল্লেখযোগ্য যে ২০২০ চনৰ তুলনাত ভাৰতৰ সাতটা স্থান অৱনমিত হৈছে।আইলেণ্ডৰ কংশনৰ ৱৰ্ল্ড ৱাইড আৰু জাৰ্মানীৰ অৰ্জনাইজেচন ৱেলঠ হাংগাৰ হিলঠ নামৰ সংগঠন দুটাই যুটীয়া কৈ চলাইছিল অধ্যয়ন। এই সূচাংকত চীন, ব্ৰাজিল, আৰু কুৱেটে শীৰ্ষ স্থান লাভ কৰিছে। ভাৰতে ১০১ নং স্থান লাভ কৰাৰ সমান্তৰাল ভাৱে ভাৰতৰ তলত থকা ৰাষ্ট্ৰঃ কেইখন হল ক্ৰমাগত ভাৱে পপুৱা নিউ গিনী, আফগানিস্তান, নাইজেৰিয়া, কংগো,মোজাম্বীক, সিয়ৰা লিয়োণ, টিমৰ লিষ্টে, হেটি, লাইবেৰীয়া, মাদাগস্কাছ, ডেমক্ৰেটি ক republic অফ congo, চেদ, centrel african republic, য়ামান, আৰু ছোমালিয়া।