বিগত সপ্তাহত খবৰ ওলাইছিল যে এয়াৰ ইণ্ডিয়ান নিলাম হব। প্ৰায় ৭০ হেজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হোৱা এয়াৰ ইণ্ডিয়াৰ নিলাম কৰিব চৰকাৰে

বিগত সপ্তাহত খবৰ ওলাইছিল যে এয়াৰ ইণ্ডিয়ান নিলাম হব। প্ৰায় ৭০ হেজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হোৱা এয়াৰ ইণ্ডিয়াৰ নিলাম কৰিব চৰকাৰে। সাতটা দশক চৰকাৰী ব্যৱস্থাপনাত চলি থকা এয়াৰ ইণ্ডিয়াৰ নিলামৰ জৰিয়তে ১৮ হাজাৰ কোটি টকা সংগ্ৰহ কৰিলে চৰকাৰে। ভাঙি পৰা দেশৰ অৰ্থনীতি উদ্ধাৰ কৰিবলৈ এয়াৰ ইণ্ডিয়া নিলামৰ জৰিয়তে সংগ্ৰহ কৰা ১৮ হাজাৰ কোটি যথেষ্ঠ নহয়। সেইবাবে দেশৰ কেন্দ্ৰীয় চৰকাৰে পুনৰ নিলাম কৰিব আগবাঢ়িছে। এইবাৰ ৭টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত নিজৰ অংশীদাৰীত্ব নিলাম কৰিব চৰকাৰে। এইবাৰ নিলাম কৰিব LIC, BPCL, পৱন হংস, নিলাচল ইস্পাত নিগম, চেণ্ট্ৰেল ইলেক্ট্ৰনিক লিমিটেড, IDBI বেংক, শ্বিপিং কৰ্পোৰেচন অফ ইণ্ডিয়াৰ নাম। এই প্ৰতিষ্ঠান সমূহত থকা কেন্দ্ৰীয় চৰকাৰ অংশীদাৰীত্ব নিলাম কৰি ১.৭৫লাখ কোটি টকা সংগ্ৰহ কৰাৰ লক্ষ্য লৈছে চৰকাৰে। চলিত বিত্তীয় বৰ্ষ অৰ্থাৎ ২০২২ৰ মাৰ্চ মাহৰ পূৰ্বেই এই প্ৰতিষ্ঠান সমূহ নিলাম কৰাৰ পৰিকল্পনা লৈছে চৰকাৰে। এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰ নিৱেশ আৰু ৰাজহুৱা সম্পত্তি প্ৰবন্ধক তুহিন কান্ত পাণ্ডে য়ে।উল্লেখযোগ্য যে চলিত বিত্তীয় বর্ষত কেন্দ্ৰীয় চৰকাৰে এক্সিছ বেংক , NMDC আৰু হোদকোত থকা নিজৰ অংশীদাৰীত্ব নিলামৰ জৰিয়তে ৮৩৬৯ কোটি আৰু এয়াৰ ইণ্ডিয়ান নিলামৰ জৰিয়তে ১৮০০০ হাজাৰ কোটি সংগ্ৰহ কৰিছে। সৰ্বমুঠ ২৬৩৬৯ কোটি নিলামৰ জৰিয়তে সংগ্ৰহ কৰিছে চৰকাৰে। দেশত ২০১৪ চনত মোডী শাসনলৈ অহাৰ পাছৰে পৰা চৰকাৰী প্ৰতিষ্ঠানৰ নিলামৰ ধাৰা আৰম্ভ হৈছিল। নিলামৰ জৰিয়তে ২০১৪-১৫ বর্ষত ২৪,৩৪৮ কোটি , ২০১৫-১৬ বৰ্ষত ২৩৯৯৬ কোটি, ২০১৬-১৭ বৰ্ষত ৪৬,২৪৬ কোটি, ২০১৭-১৮ বৰ্ষত ১০০০৫৬ কোটি, ২০১৮-১৯ বৰ্ষত ৮৪৯৭২ কোটি, ২০১৯-২০বৰ্ষত ৫০২৯৮ কোটি, ২০২০-২১বৰ্ষত ১৯৪৯৯ কোটি সংগ্ৰহ কৰিছে।

Leave A Reply

Your email address will not be published.