চিন্তাত দিন পাৰ কৰিছে শ্বাহৰুখ খান আৰু গৌৰী খানে।জে’ল কেণ্টিনৰ পৰা আহাৰ সংগ্ৰহ কৰিবলৈ পইচা পঠিয়াই শ্বাহৰুখ-গৌৰিয়ে।
চিন্তাত দিন পাৰ কৰিছে শ্বাহৰুখ খান আৰু গৌৰী খানে।জে’ল কেণ্টিনৰ পৰা আহাৰ সংগ্ৰহ কৰিবলৈ পইচা পঠিয়াই শ্বাহৰুখ-গৌৰিয়ে।জেলৰ পৰাই ভিডিও কল কৰি পিতৃ শ্বাহৰুখ আৰু মাতৃ গৌৰী খানৰ সৈতে কথা পাতিলে ড্ৰাগছ কাণ্ডত গ্ৰেপ্তাৰ হোৱা আৰিয়ান খানে। আৰ্থাৰ জেল কৰ্তৃপক্ষৰ ফালৰ পৰা শুকুৰবাৰে জনাইছে এই কথা।জেলৰ খবৰ অনুসৰি, জেল কেণ্টিনৰ পৰাই খাদ্য সংগ্ৰহৰ বাবে শ্বাহৰুখ-গৌৰিয়ে আৰিয়ানলৈ প্ৰেৰণ কৰিছে চাৰে চাৰি হাজাৰকৈ টকা।টাইমছ অব ইণ্ডিয়াত প্ৰকাশিত এক তথ্য অনুসৰি আৰ্থাৰ ৰোডৰ জেলৰ কেণ্টিনত পাউৰুটি, ভেলপুৰী, বড়া পাও, চিঙৰা, চিকেন থালী, এগ থালী, মিনাৰেল ৱাটাৰ আৰু ফ্ৰুট জুচ পোৱা যায়।আৰিয়ান লগতে এই কাণ্ডত গ্ৰেপ্তাৰ হোৱা আন পাঁচজনকো আৰ্থাৰ ৰোড জেলৰ কোৱাৰেণ্টাইন বাৰ্কৰ পৰা সাধাৰণ কোঠালৈ প্ৰেৰণ কৰা হৈছে।