মই ভাল হৈ দেখুৱাম, ভাল কাম কৰি সকওকলোকে গৰ্বিত কৰিম- NCBৰ বিষয়াক প্ৰ্তিশ্ৰুতি দিলে আৰিয়ানে
মই ভাল হৈ দেখুৱাম, ভাল কাম কৰি সকওকলোকে গৰ্বিত কৰিম- NCBৰ বিষয়াক প্ৰ্তিশ্ৰুতি দিলে আৰিয়ানে
বৰ্তমান সময়ৰ লৈকে মুম্বাইৰ আৰ্থাৰ ৰোজৰ জেলত বন্দী হৈ আছে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান। ২ অক্টোবৰত মুম্বাই উপকূলৰ এখন ৰেষ্টুৰেণ্টৰ পৰা NCB-এ গ্ৰেপ্তাৰ কৰিছিল আৰিয়ান খানৰ লগতে অন্য ১০ জনক।
আৰিয়ানৰ কাউঞ্চিলিং কৰালে NCB-এ। খবৰ অনুসৰি, কাউঞ্চিলিং চলোৱাৰ সময়ত এনচিবিৰ মুম্বাই ইউনিটৰ ডিৰেক্টৰ সমীৰ ওৱাংখেড়েক আৰিয়ান খানে প্ৰতিশ্ৰুতি দি কয় মই ভাল হৈ দেখুওৱাম আৰু এনে কিছুমান ভাল কাম কৰিম, যিয়ে সকলোকে গৰ্বিত কৰিব।এনচিবিৰ খবৰ অনুসৰি, আৰিয়ানে জনাইছে যে, জেলৰ পৰা মুক্তি লাভ কৰাৰ পিছতে তেওঁ দুখীয়া আৰু পিছপৰা লোকসকলৰ সামাজিক আৰু আৰ্থিক উন্নয়নৰ বাবে কাম কৰিব।আনহাতে নিজৰ ভূলৰ বাবে কোনো কাৰণতে কেতিয়াও সংবাদমাধ্যমৰ শিৰোনামলৈ আহিবলগীয়া কাম তেওঁ নকৰে।