বাংলাদেশত হিন্দু মন্দিৰ লণ্ডভণ্ড কৰা ইমামসহ ৪ জন লোকক গ্ৰেপ্তাৰ

বাংলাদেশৰ কিশোৰগঞ্জ জিলাত অৱস্থিত এটা হিন্দু মন্দিৰ ভাঙি লণ্ড ভণ্ড আৰু লুটপাত চলাইছিল কেইজন ইছলাম ধৰ্মী লোকে। এই ঘটনাই সমগ্ৰ বাংলাদেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। অপৰাধজনিত ঘটনাটোৰ সংঘটিত কৰা বাবে আৰক্ষীৰ জালত পৰিল এজন ইমামসহ চাৰিজন লোক। আটাইকেইজনকে গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে বৰ্তমান নিজ জিম্মাত ৰাখিছে। আৰক্ষীয়ে জনোৱা অনুসৰি, গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত ২২ বছৰীয়া মামুনুৰ ৰছিদ, ১৫-১৬ বছৰীয়া দুজন কিশোৰ আৰু ৫০ বছৰীয়া ইমাম কাফিল উদ্দিন আছিল। তেওঁলোকে আৰক্ষীৰ আগত নিজৰ দোষ স্বীকাৰ কৰিছে।

শুকুৰবাৰে কাদিম মাঝাটি অঞ্চলৰ এটা কালী মন্দিৰত আটাইকেইজনে মিলি এই হিংসাত্মক ঘটনাটো সংঘটিত কৰিছিল। দুৰ্বৃত্তসকলে মন্দিৰটোত প্ৰৱেশ কৰি পাঁচটা মূৰ্তি ভাঙি পলাই গৈছিল। এই আক্ৰমণটো তেতিয়া সংঘটিত হৈছিল যেতিয়া পূজাৰীয়ে মূৰ্তি বিসৰ্জনৰ বাবে প্ৰস্তুতি চলাই আছিল।

মন্দিৰ কৰ্তৃপক্ষই ঘটনাটোৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দিয়াত কিশোৰগঞ্জ আৰক্ষীয়ে ঘটনাটো গুৰুত্বসহকাৰে লয় আৰু জোৰদাৰ তদন্তত নামে। অতি ক্ষীপ্ৰতাৰে চলোৱা এই তদন্তত আৰক্ষীৰ জালত পৰে দুৰ্বৃত্তৰ দলটো। আৰক্ষীৰ প্ৰচেষ্টাক একমুখে শলাগিছে মন্দিৰ কৰ্তৃপক্ষৰ লগতে বাংলাদেশৰ হিন্দু সমাজেে।

Leave A Reply

Your email address will not be published.