নিশাৰ ৰাজপথত পুনৰ ৰাজকন্যা! দিছপুৰ থানাত তাণ্ডৱ চলোৱা কোন এই মাতাল যুৱতী?

মদ খাই মাতাল হৈ ৰাজপথত বিভীষিকা নমাই অনা ৰাজকন্যা বৰুৱা এতিয়া কাৰাগাৰত। মু্খ্যমন্ত্ৰী, সংবাদ মাধ্যম তথা আৰক্ষীৰ শীৰ্ষতম বিষয়াৰ হস্তক্ষেপত কঠোৰ ব্যৱস্থা লোৱা হৈছে উতনুৱা ৰাজকন্যাৰ বিৰুদ্ধে। কিন্তু এতিয়াও যেন এই ঘটনাই একো শিক্ষা দিব পৰা নাই একাংশ উতনুৱা যুৱক-যুৱতীক। এইবাৰ আকৌ গুৱাহাটীৰ ৰাজপথত মাতাল দুই যুৱতীয়ে চলালে তাণ্ডৱ। আৰক্ষী, সাংবাদিক, চিকিতসক কোনো সাৰি নগ’ল মাতাল যুৱতীৰ উদ্ভণ্ডালিৰ পৰা।

‘অ মই মদ খাইছোঁ, কি কৰিব…’ – ৰাজকন্যাৰ পাছত এইবাৰ পুনৰ দুই যুৱতীয়ে তাণ্ডৱ চলালে নিশাৰ মহানগৰত৷ আৰক্ষীয়ে কৰা ব্ৰেথ এনালাইজাৰত সুৰাৰ পৰিমান ওলাল ২০১৷ আৰক্ষীয়ে তেওঁলোকক আটক কৰি থনালৈ নিয়াৰ পাছত দিছপুৰ থানাতো তাণ্ডৱ চলালে দু্ই যুৱতীয়ে৷ জানিব পৰা মতে, শনিবাৰে নিশা ৰাজপথত উদ্ভণ্ডালি চলাইছিল যুৱতী দুগৰাকীয়ে৷ সুৰামত্ত হৈ এআৰ-০১ এন-১১০১ নম্বৰৰ বিলাসী বাহনেৰে চলাইছিল তাণ্ডৱ৷ তাৰ পাছতেই দিছপুৰ যান-বাহন আৰক্ষীয়ে আটক কৰে দুয়োকে৷

কিন্তু ইমানটো যেন ক্ষান্ত নহ’ল যুৱতী দুগৰাকী৷ থানাতো উদ্ভণ্ডালি চলালে সুৰামত্ত যুৱতী দুগৰাকীয়ে৷ আনহাতে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা কেমেৰালৈ চেণ্ডেল দলিয়াই সাংবাদিককো দুৰ্ব্যৱহাৰ কৰে৷ তদুপৰি দিছপুৰ থানাৰ চকী দলিয়াই একপ্ৰকাৰ তাণ্ডৱ চলায় যুৱতী দুগৰাকীয়ে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য পৰীক্ষা কৰোঁৱাৰ সময়ত চিকিৎসককো কৰে দুৰ্ব্যৱহাৰ৷ আন ৰোগীৰ অভিভাৱকক গতিয়াই পেলাই দিয়ে যুৱতী দুগৰাকীয়ে৷ নিশা পাণবজাৰ মহিলা থানাত ৰখা হয় দুয়োকে৷ ইপিনে ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে কোনোধৰনৰ ভাষ্য প্ৰদান কৰা নাই আৰক্ষীয়ে

Leave A Reply

Your email address will not be published.