প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আক্ৰান্ত ডেংগু ৰোগত
প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আক্ৰান্ত হৈছে ডেংগু ৰোগত। এই কথা সদৰী কৰিছে এইমছৰ চিকিৎসা বিষয়াই। প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ নীতিশ নায়কৰ নিৰ্দেশনাত চিকিৎসকৰ এটা দলে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক অনবৰতে নজৰত ৰাখি চিকিৎসা কৰি আছে। মনমোহন সিং তিনিদিন পূৰ্বে জ্বৰত আক্ৰান্ত হৈছিল আৰু তেওঁৰ শৰীৰ দুৰ্বল হৈ গৈছিল। সেয়ে তেওঁক ততাতৈয়াকৈ এইমছত ভৰ্তি কৰায় পৰিয়ালৰ লোকে।
এইমছৰ এজন চিকিৎসকে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্লেটলেট বৃদ্ধি পাইছে আৰু তেওঁ এতিয়া বিপদমুক্ত বুলি ঘোষণা কৰিছে। উল্লেখ্য যে চলিত বৰ্ষৰ এপ্ৰিল মাহতো মনমোহন সিং কোভিডত আক্ৰান্ত হৈ এইমছত ভৰ্তি হৈছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনাইছে দেশৰ ভিন্ন প্ৰান্তৰ তেওঁৰ গুণমুগ্ধসকলে।