অলৌকিক’: বাসগৃহৰ বিভিন্ন কোণত হঠাতে জ্বলি উঠে জুই ! হতবাক গৃহস্থ
অদ্ভুত, অলৌকিক, অবিশ্বাস্য ঘটনাৰ সন্মুখীন হোৱা এটি পৰিয়াল৷ বৰপেটা জিলাৰ সৰ্থেবাৰীৰ নশালা গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ জুইৰ আতংকই খেদি ফুৰিছে পৰিয়ালটোক ৷ পৰিয়ালটোৰ বাসগৃহৰ বিভিন্ন কোণত হঠাৎ সূত্ৰপাত হ’বলৈ ধৰিছে জুই ৰ ৷ হঠাৎ জ্বলি উঠে কোঠাৰ ভিতৰৰ বিভিন্ন কাপোৰ তথা আচবাব ইত্যাদি ৷ জুইত জ্বলিছে ৰ’দত শুকাবলৈ চোতালত আঁৰি থোৱা তিতা কাপোৰো ৷ ড্ৰইং ৰূমত জুই জ্বলি উঠা সম্পূর্ণৰূপে জাহ গৈছে চ’ফা ছেট ৷
বিগত এক সপ্তাহ ধৰি সঘনাই সংঘটিত হৈ অহা অগ্নি কাণ্ডৰ কাৰণ তথা উৎস উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই পৰিয়ালটোৱে ৷ পৰিণতিস্বৰূপে সমগ্ৰ ঘটনাই আতংকিত কৰি তুলিছে পৰিয়ালটোক ৷ ভীতিগ্ৰস্ত হৈ পৰিছে পৰিয়ালটোৰ প্ৰতিগৰাকী সদস্য-সদস্যা ৷
বৰপেটা জিলাৰ নামশালা গাঁৱৰ প্ৰিয়কান্ত ভূঞাৰ বাসগৃহত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ৷ পৰিয়াল আৰু ওচৰচুবুৰীয়াৰ একাংশই এয়া কোনো তান্ত্ৰিক অথবা বেজৰ কাৰ্য বুলি সন্দেহ প্ৰকাশ কৰাৰ বিপৰীতে আন একাংশই ঘটনাৰ ৰহস্য ভেদৰ বাবে বিজ্ঞানৰ জ্ঞান থকা লোকৰ সহায় বিচাৰিছে ৷ ইপিনে ঘটনাস্থলী পৰিদৰ্শন কৰি গৰা এৰা মন্তব্য় আৰক্ষীৰ৷ এয়া তেওঁলোকৰ কাম নহয় বুলি কৈ তান্ত্রিকৰ সহায় ল’বলৈ পৰিয়ালটোক পৰামৰ্শ দিয়ে সৰ্থেবাৰী আৰক্ষীয়ে