স্বাধীনতা সংগ্ৰামী-গান্ধীবাদী নেত্ৰী সোণপাহী দাসৰ পৰলোকপ্ৰাপ্তি
বিশিষ্টা স্বাধীনতা সংগ্ৰামী, প্ৰবীন মুক্তিযোদ্ধা, আজীৱন গান্ধীবাদী আদৰ্শৰে উদ্বুদ্ধ ধৰ্ম প্ৰাণ মহিলা সোণপাহী দাসৰ দেওবাৰে মহা প্ৰয়ান ঘটে। বাৰ্ধক্যজনিত কাৰণত যোৱা প্ৰায় এটা মাহ ধৰি ঢকুৱাখনা নগৰৰ বালি গাঁওৰ কণিষ্ঠ পুত্ৰ ভাস্কৰ দাসৰ ঘৰত শয্যাশায়ী হৈ থকা প্ৰয়াত , প্ৰাক্তন মন্ত্ৰী লীলা কান্ত দাসৰ পত্নী সোণপাহী দাসৰ দেওবাৰে স্বাস্থ্যৰ অৱনতি ঘটি দিনৰ প্ৰায় ১০.১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে । জন্মসূত্ৰে বিশ্বনাথ জিলাৰ বিশ্বনাথ ঘাটৰ জীয়ৰী সোণপাহী দাসে বিশ্বনাথ চাৰি আলিত মজলীয়া শিক্ষা সম্পূৰ্ণ কৰি স্বাধীনতা সংগ্ৰামত নামি পৰি স্বদেশ আৰু স্বজাতিৰ উত্তৰণৰ হকে জীৱন উৎসৰ্গা কৰিছিল।
গুৱাহাটীৰ কস্তুৰবা গান্ধী আশ্ৰমৰ জৰিয়তে মানৱ সেৱাত আত্মনিয়োগ কৰা দাসে ১৯৫০ চনৰ বৰ ভূঁইকপৰ পৰৱৰ্তী সময়ত কস্তুৰবা আশ্ৰমৰ পৰা লখিমপুৰলৈ আহি দুৰ্গত ৰাইজৰ সেৱাত আত্মনিয়োগ কৰি প্ৰথমে ধেমাজিত আশ্ৰয় গ্ৰহণ কৰি দেশ মাতৃৰ সেৱা আগবঢ়াই গৈছিল। ইয়াৰ পাছতেই ঢকুৱাখনা নিবাসী প্ৰয়াত বিধায়ক, প্ৰাক্তন কেবিনেট মন্ত্ৰী লীলা কান্ত দাসৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা দাসে চৰকাৰী ভাবে নাৰ্ছৰ প্ৰশিক্ষণ গ্ৰহণ কৰি ঢকুৱাখনা মহকুমাৰ প্ৰথম গৰাকী নাৰ্ছৰ অতুলনীয় মানৱ সেৱা আগবঢ়াইছিল । সমান্তৰাল ভাৱে ঢকুৱাখনাত নাৰী শিক্ষা প্ৰসাৰণ , ক্রীড়া ক্ষেত্ৰৰ সাৰ্বজনীনকৰণ , ৰাজহুৱা পুথিভঁৰাল স্থাপনেৰে পুথি অধ্যয়নৰ নব্য জোৱাৰ সৃষ্টি কৰিছিল ঢকুৱাখনাত ।