যোগীঘোপাৰ চলন্তাপাৰাত জিলা এন এছ ইউ আই’ৰ উত্তাল প্ৰতিবাদ

বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চলন্তাপাৰাত আজি দিনৰ ১১ টা বজাত বঙাইগাঁও জিলা এন এছ ইউ আই’ৰ উদ্যোগত ৰাজ্যৰ বিজেপি চৰকাৰে কৰা পে’ট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ মুল্যবৃদ্ধিৰ লগতে ক্ংগ্ৰেছ চৰকাৰে ৭০বছৰে গঢ়া সম্পদ সমূহ বিক্ৰীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। চলন্তাপাৰাত বজাৰত বঙাইগাঁও জিলা এন এছ ইউ আইৰ নেতৃত্বত আৰু চলন্তাপাৰা মণ্ডল এন এছ ইউ আইৰ সহযোগত প্ৰায় অৰ্ধশতাধিক এন এছ ইউ আইৰ কৰ্মীয়ে হাতে হাতে কাহি বাটি লৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নামত টকা খুজি প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপি চৰকাৰ মুৰ্দাবাদ,অত্যাৱশকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰন কৰক,দৰিদ্ৰ জনসাধাৰণৰ ওপৰত হাৰাশাস্তি বন্ধ কৰক আদি বিভিন্ন প্ৰতিবাদী শ্লোগানৰে পৰিবেশৰ উত্তাল কৰি তোলে ।

Leave A Reply

Your email address will not be published.