কেৰালাৰ বানপানী,বানপানীৰ ফলত ফলত নিহত ১২ জন।
কেৰালাৰ বানপানী,বানপানীৰ ফলত ফলত নিহত ১২ জনৰ।২৪ ঘণ্টা ধৰি ধাৰাসাৰ ভাৱে বৰষুণ, আইএমডিয়ে কয় যে
শেহতীয়া বছৰবোৰৰত ধাৰাসাৰ বৰষুণত, মধ্য আৰু দক্ষিণ কেৰালাৰ উচ্চ পৰিসৰবোৰে ২০১৮ আৰু ২০১৯ ৰ বিধ্বংসী বানপানীৰ সময়ত ৰাজ্যখনে সন্মুখীন হোৱা পৰিস্থিতিৰ প্ৰায় একেই অনুভৱ কৰিছে। কিন্তু কৰ্তৃপক্ষই জনাই যে সকলো বোৰ নিয়ন্ত্ৰণত আছে আৰু কোনো আতংকৰ প্ৰয়োজন নাই।আনহাতে কেৰালাৰ কিছু অংশত ধাৰাসাৰ বৰষুণৰ ফলত ইডুক্কি আৰু কোট্টায়াম জিলাত ভূমিস্খলন আৰম্ভ হৈছে। বতৰ কাৰ্যালয়ে দেওবাৰে ৰাতিপুৱালৈকে ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে। শনিবাৰে দক্ষিণ আৰু মধ্য কেৰালাত ধাৰাসাৰ বৰষুণৰ ফলত আকস্মিক বানপানী আৰু ভূমিস্খলনহোৱাৰ ফলত ১২ জন লোক নিহত হৈছিল আৰু আন বহুলোক সন্ধানহীন হৈছিল।ৰাজ্যখনৰ কিছু অংশ পৰিস্থিতি সঁচাকৈয়ে গুৰুতৰ। আমি জীৱন ৰক্ষা কৰিবলৈ সকলো সম্ভৱ চেষ্টা কৰিম। আমি সেনা, নৌ সেনা আৰু বায়ু সেনাৰ পৰা সহায় বিচাৰিছো। জিলাসমূহত সাহায্য শিবিৰ স্থাপন কৰা হৈছে এইদৰে মন্তব্য কৰে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে।ৰাজ্যসমূহৰ দক্ষিণ আৰু কেন্দ্ৰীয় অংশত ১১ টা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, দুটা সেনা আৰু দুটা প্ৰতিৰক্ষা সেৱা কৰ্পৰ দলকে ধৰি কেন্দ্ৰীয় বাহিনীৰ দল মোতায়েন কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দক্ষিণ ৰাজ্যখনৰ পাথানামথিট্টা, কোট্টায়াম, এৰ্নাকুলাম, ইডুক্কি আৰু ত্ৰিচুৰ জিলাৰ বাবে ৰেড এলাৰ্ট আৰু তিৰুৱন্তপুৰম, কোল্লাম, আলাপুঝা, পালাক্কাড, মালাপ্পুৰম, কোজিকোড আৰু ৱায়ানাড জিলাৰ বাবে সতৰ্কবাণী জাৰি কৰিছে।মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে ১৮ অক্টোবৰৰ পৰা পুনৰ খুলিব লগা মহাবিদ্যালয়সমূহ এতিয়া কেৱল ২০ অক্টোবৰৰ পৰাহে খুলিব লাগে। আনহাতে ১৯ অক্টোবৰলৈকে শবৰীমালা তীৰ্থযাত্ৰা পৰিহাৰ কৰা হ’ব।