জাতিলাউক কেন্দ্ৰ কৰি বোৱাৰীক নিৰ্মম প্ৰহাৰ শাহু-শহুৰৰ

ঘৰুৱা হিংসাৰ বিৰুদ্ধে আইন সংশোধন হ’লেও দিনক-দিনে বৃদ্ধি পাৱলৈ ধৰিছে এই জঘন্য ঘটনা৷ ৰাজ্যত প্ৰতিদিনে ঘৰুৱা হিংসাৰ বলি হৈ আহিছে বোৱাৰীসকল৷ তেনে এক নিৰ্মম প্ৰহাৰৰ বলি হ’ল এগৰাকী বোৱাৰী৷ এইবাৰ স্থান বঙাইগাঁও৷ জিলাখনত ঘৰুৱা হিংসাৰ বলি হয় এগৰাকী বোৱাৰী৷ স্বামীগৃহ লোকৰ আক্ৰমণ গুৰুতৰ ভাবে আহত হয় বোৱাৰীগৰাকী ।

অভিযোগ অনুসৰি, শহুৰেকৰ নিৰ্মম প্ৰহাৰত গুৰুত্বৰভাৱে আঘাটপ্ৰাপ্ত হয় মহিলাগৰাকী । ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ বইটামাৰীৰ পঞ্চগাঁৱত । শহুৰ মালেক শ্বেখ, শাহু ৰহিমা বিবি আৰু ভাই বোৱাৰী ৰাজীমা বিবিয়ে চলায় মহিলাগৰাকীৰ ওপৰত অমানুষিক অত্যাচাৰ ৷

জানিব পৰা মতে, এটা জাতিলাউক কেন্দ্ৰ কৰি আক্ৰমণৰ বলি হয় বোৱাৰীগৰাকী । ঘটনা সংক্ৰান্তত ইতিমধ্যে জিলাখনৰ বইটামাৰী আৰক্ষী চকীত ভুক্তভোগী মৰমী বেগমে এখন এজাহাৰো দাখিল কৰিছে । এই ঘটনা লৈ জিলাখনত সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ।

Leave A Reply

Your email address will not be published.