পুখুৰীত গা-ধুবলৈ গৈ ঘটিল অঘটন।ৰাহুল ৰায় নামৰ এজন কিশোৰৰ সলিল সমাধি।

ধুবুৰী জিলাৰ চাপৰৰ হাতীপোতা ৰাভাপাৰত অঘটন। পুখুৰীত পৰি মৃত্যুবৰণ কৰিলে ১৭ বছৰীয়া ৰাহুল ৰায় নামৰ এজন কিশোৰৰ। ষষ্টিৰ দিনা পুজা খাবলৈ আহিছিল চাপৰৰ শালকোছাত মোমায়েকৰ ঘৰত। আজি ঘৰলৈ যোৱাৰ কথা আছিল ৰাহুলৰ। কিন্তু নিয়তীৰ কৰাল গ্ৰাসত মৃত্যুক সাৱটি ললে কিশোৰজনে। জানিব পৰা মতে দুপৰীয়া সময়ত ৮/১০ জন লগৰীয়া লগত ঘৰৰ কাষতে থকা এটা পুখুৰীত গা-ধুবুলৈ নামিছিল ৰাহুল। কিন্তু দূৰ্ভাগ্যবষত পুখুৰীত ডুব যায় ৰাহুল। বহু সময় ধৰি স্থানীয় ৰাইজে সন্ধান কৰে যদিও বিফল হয় পিছত আৰক্ষী খৱৰ দিয়াত শালকোচা আৰক্ষীৰ লগতে SDRF বাহিনীৰ এটা দলে ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ পৰা আহি উক্ত স্থানত উপস্থিত হৈ অভিযান চলাই অৱশেষত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় SDRF বাহানীয়ে। মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে কান্দোনত ভাঙি পৰে পৰিয়াল লোক। সমগ্ৰ অঞ্চলটোত শোঁকৰ ছাঁ পৰে। যুৱকজনে ভাৰতীয় সেনাত যোগদান কৰাৰ সপোন আছিল তাৰ বাবে প্ৰতিদিনে অনুশীলন অব্যাহত ৰাখিছিল বুলি জানিব পৰা গৈছে

Leave A Reply

Your email address will not be published.