“বৰাকে অসমীয়া চলবে না”- শিলচৰ ৰে’ল ষ্টেচনত মচি পেলোৱা হ’ল অসমীয়া ভাষাৰ ফলক

“বৰাকত অসমীয়া চলবে না”- এই হুংকাৰ বাংলা ডেমক্ৰেটিক ফ্ৰণ্ট আৰু এবিৱাইএছ নামৰ বৰাকৰ দুটা সংগঠনৰ। বৰাকৰ শিলচৰ ৰে’ল ষ্টেচনৰ সন্মুখত থকা এখন অসমীয়া ভাষাৰ চৰকাৰী ফলক মচি এই হুংকাৰ সংগঠন দুটাৰ।

জানিব পৰা মতে, অসম চৰকাৰৰ জলজীৱন মিছনৰ অসমীয়া ভাষাত লিখা এখন চৰকাৰী পোষ্টাৰ শিলচৰ ৰে’লৱে ষ্টেচনৰ সন্মুখত লগাইছিল অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে। তাৰ পিছতে দেওবাৰে দিনত এই সংগঠন দুটাই অসমীয়া ভাষাৰ পোষ্টাৰ বৰাকত ব্যৱহাৰ কৰাৰ তীব্ৰ প্ৰতিবাদ স্যবস্ত কৰে।

বাঙালী সংগঠন দুটাৰ মতে, বৰাকত অসমীয়া ভাষাৰ পোষ্টাৰ ব্যৱহাৰ কৰি তেওঁলোকে বাঙালী জাতিৰ লগতে বাঙালী ভাষাক অপমান কৰিছে। সংগঠন দুটাই অসম চৰকাৰৰ লগতে বৰাকৰ জনপ্ৰতিনিধি সকলকো এই কাৰ্যৰ সমালোচনা কৰে। বৰাকত কোনো কাৰণতে অসমীয়া চলিবলৈ দিয়া ন’হব বুলি হুংকাৰ প্ৰদান কৰি অসমীয়া ভাষাৰ পোষ্টাৰ ক’লা ৰঙৰে মচি তাৰ ঠাইত “বাংলা লিখুন” বুলি লিখি দিয়ে।

ইয়াৰ পিছতে সংগঠন দুটাই বৰাকত বাঙালী চলবে না, উগ্ৰ অসমীয়া জাতীয়তাবাদ চলবে না আদি শ্লোগান দি প্ৰতিবাদ স্যবস্ত কৰে। উল্লেখযোগ্য যে, বৰাক উপত্যকা অসমৰ অভিন্ন অংগ হোৱাৰ পিছতো বৰাকত বাঙালী সংগঠনৰ এই দু:সাহসে ক্ষোভিত কৰি তুলিছে সকলোকে। সামাজিক মাধ্যমতো ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমত অসমীয়া ভাষা আৰু অসমীয়া জাতীয়তাবাদৰ বিৰুদ্ধে হুংকাৰ দিয়া এই দুই সংগঠনৰ দু:সাহসৰ অন্তৰালত যে অসমীয়া-বাঙালীৰ মাজত সংঘাতৰ ষড়যন্ত্ৰ নিহিত হৈ আছে সেয়াও নুই কৰিব নোৱাৰি।

Leave A Reply

Your email address will not be published.