গল্পকাৰ, অভিনেতা তপন দাসলৈ “জগন্নাথ ঠাকুৰ সাহিত্য সন্মান”
চলিত বৰ্ষৰ পৰা আৰম্ভ হোৱা “জগন্নাথ ঠাকুৰ সাহিত্য সন্মান” প্ৰথম বাৰৰ বাবে অসমীয়া গল্পসাহিত্যৰ ক্ষেত্ৰখনলৈ চাৰি দশকত ধৰি উল্লেখযোগ্য অৱদান আগবঢ়োৱা বিশিষ্ট গল্পকাৰ ,অভিনেতা তপন দাসক প্ৰদান কৰা হ’ব।আজি এক প্ৰেছ বিবৃতিৰ জড়িয়তে এই কথা ঘোষনা কৰিছে জগন্নাথ ঠাকুৰ স্মৃতি ন্যাসে ।বিবৃত্তিটোত ন্যাসে প্ৰকাশ কৰা অনুসৰি অহা ৮ নবেম্বৰ তাৰিখে গুৱাহাটীত এই বঁটা প্ৰদান কৰা হ’ব।
এই বঁটাত আছে এটা স্মাৰক, এখন প্ৰশস্তি পত্ৰ আৰু নগদ পঞ্চাছ হাজাৰ টকা। উল্লেখযোগ্য যে অসম অসামৰিক সেৱাৰ এগৰাকী দক্ষ বিষয়া হিচাপে সততাৰে কাৰ্যনিৰ্বাহ কৰা, এগৰাকী নিষ্ঠাবান পঢ়ুৱৈ জগন্নাথ ঠাকুৰৰ নামত এই বঁটা দিয়া হ’ ব। । ২০২১ বৰ্ষৰ লগতে বিগত দুটা বছৰৰ গল্প সংকলনৰ বাবে নাইবা গল্পৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে এই বঁটা প্ৰদান কৰাৰ পৰিকল্পনা জগন্নাথ ঠাকুৰ স্মৃতি ন্যাসৰ। এই বছৰৰ বাবে নিৰ্বাচিত হোৱা বিশিষ্ট গল্পকাৰ তপন দাসলৈ এই বঁটা প্ৰদান কৰা হৈছে অসমীয়া গল্পৰ ক্ষেত্ৰখনলৈ তেখেতে আগবঢ়োৱা সামগ্ৰিক অৱদানৰ বাবে