চুবুৰীয়া দেশ বাংলাদেশত দুৰ্গা পূজাত সংগঠিত হৈছিল ভয়ংকৰ ঘটনা। একাংশ দুৰ্বৃত্তই পূজাৰ মণ্ডপ ভঙাৰ লগতে মূৰ্তি আদিও ভাঙি লণ্ডভণ্ড কৰিছিল। লগতে দেশখনৰ সংখ্যালঘু লোকসকলৰ ওপৰত চলায় ভয়াভহ আক্ৰমণ। যাৰ ফলত বৰ্তমানলৈকে ৬জন লোকে অতি কৰুণভাৱে মৃত্যুক সাটই ল’বলগা হৈছে। কমেও ৯টা পূজা মণ্ডপত একাংশ উদণ্ড লোকে ধ্বংসযজ্ঞ চলাই দুৰ্গাৰ প্ৰতিমা ভাঙি মণ্ডপত অগ্নি সংযোগ কৰে।
বাংলাদেশৰ কোমিলা জিলাৰ লগতে আন বহুকেইখন জিলাত থকা পূজা মণ্ডপ আৰু মন্দিৰসমূহত দুৰ্বৃত্তই আক্ৰমণ চলাই ধ্বংস কৰাৰ প্ৰতিবাদত আজি বৰাক উপত্যকাৰ তিনি জিলাত বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত সাব্যস্ত হয় প্ৰতিবাদী কাৰ্যসূচী। সোমবাৰে পুৱা ১০ বজাৰ পৰা বৰাকৰ তিনি জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত সাব্যস্ত হয় উত্তাল প্ৰতিবাদ।
আজি হাইলাকান্দি জিলাতো বাংলাদেশত দুৰ্গা প্ৰতিমা ধ্বংসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিশ্ব হিন্দু পৰিষদৰ সদস্যসকলে। পুৱা ১০ বজাত হাইলাকান্দি নগৰত এক প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ভি এইচ পি সদস্যসকলে। হাইলাকান্দি নগৰৰ অদি কালী মন্দিৰৰ পৰা আৰম্ভ হোৱা এই সমদলে নগৰৰ প্ৰধান প্ৰধান ৰাজপথ প্ৰদক্ষিণ কৰি সামৰণি মাৰে স্থানীয় নেতাজী পইণ্ট চাৰিআলিত। পিছত দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈ বাংলাদেশৰ সংখ্যালঘু সকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীৰে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে।