বকোত পথ দুৰ্ঘটনা : যাত্ৰীবাহী বাছৰ খুন্দাত দুজন আহত
কামৰূপ জিলাৰ বকোত সোমবাৰে এক পথ দুৰ্ঘটনা সংঘটিত হয়। বকো থানাৰ অন্তৰ্গত বনগাঁৱত এ এছ-০১/এম চি-১৪৯৬ নম্বৰৰ যাত্ৰীবাহী আল্ট্ৰা বাছে এ এছ-২৫/এফ-৩০৮৯ নম্বৰৰ স্কুটিখনক খুন্দিয়াই। ফলত দুই স্কুটি আৰোহী হৰি কলিতা (৭৪) আৰু নিৰঞ্জন মালা বৰ্মন (৭৮) গুৰুতৰ ভাৱে আহত হয় ।
দুয়োৰে আঘাত গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটি চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । জানিবপৰা মতে ১৭নংৰাষ্ট্ৰীয় ঘাইপথেৰে বাছখন গুৱাহাটীৰ পৰা গোৱালপাৰ অভিমুখে গৈ আছিল ৷