‘ BPFৰ মানুহ আহি আছে BJPলৈ’- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বৰ বিশেষ ইংগিত
হাগ্ৰামা মহিলাৰী, ক্ষমতাত সদায় থাকিব বিচৰা এটা নাম ৷ ক্ষমতাত নাথাকিলেও ক্ষমতাত থকা পক্ষৰে সদায় উঠা-বহা কৰিব বিচাৰে মহিলাৰীয়ে ৷ এই কথা অৱশ্যে অকপটে স্বীকাৰো কৰে BTCত ২০২০লৈ শাসন চলোৱা হাগ্ৰামা মহিলাৰীয়ে ৷ বিগত BTCৰ নিৰ্বাচনত শাসনৰ বাঘজৰী এৰিবলগীয়া হোৱা হাগ্ৰামাৰ দলে বিগত বিধানসভাৰ নিৰ্বাচনতো মুখ থেকেচা খালে ৷ ইয়াৰ পিছৰে পৰা BJPৰ সৈতে মিত্ৰতা কৰিবলৈ অৰ্হনিশে চেষ্টা অব্যাহত ৰাখিছে মহিলাৰীয়ে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অনেকবাৰ সাক্ষাৎ কৰিছে সদলবলে মহিলাৰীয়ে ৷ কিন্তু আনুষ্ঠানিক মিত্ৰতা হৈ নুঠিল BJPৰে BPFৰ ৷
ইয়াৰ মাজতে দেওবাৰে বাক্সাত নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ প্ৰশ্নত কৈয়ে দিলে- “BPFৰে হোৱা নাই BJPৰ ৰাজনৈতিক মিত্ৰতা ৷ BPFৰে মিত্ৰতাৰ প্ৰয়োজনো নাই ৷ কিয়নো BPFৰ মানুহবোৰ আহিয়েই আছে BJPলৈ ৷”
মুখ্যমন্ত্ৰীৰ এই ঘোষণাই দিলে আন এক ইংগিত ৷ যেন BJPত BPFৰ চামিলকৰণৰ এক অংক কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ ইয়াৰ সমান্তৰালকৈ বিৰোধী কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে কঠোৰ ভাষাৰে সমালোচনা কৰিলে হাগ্ৰামা মহিলাৰীক ৷ জাকিৰে ক’লে- “সুবিধাবাদী হাগ্ৰামায়ে উজটি খাই পৰিছে আৰু পৰাৰ পৰা উঠিব নোৱাৰে তেওঁ ৷ এতিয়া আৰু হাগ্ৰামাৰ ৰাজনৈতিক ভৱিষ্যত শূন্য ৷”