ছয়গাঁৱৰ দুধখৰি পাহাৰত প্ৰাকৃতিক সম্পদৰ ধ্বংস। ভাঙিছে শিল, কাটিছে মূল্যৱান গছ…

পশ্চিম কামৰূপ বনসংমণ্ডল প্ৰাধিকৰণ আৰু বামুণীগাঁৱ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ছয়গাঁৱৰ এখন পাহাৰত নিৰ্বিঘ্নে শিল ভাঙি প্ৰকৃতিলৈ ভাবুকি কঢ়িয়াই আনিছে ।ঘটনাৰ বিৱৰণ মতে ছয়গাওঁ বিধান সভাসমষ্টিৰ ঐতিহ্যমণ্ডিত দুধখৰি নামৰ পাহাৰখনৰ মূল্যৱান গছ-গছনি , জীৱ-জন্তুৰ বাবে বিখ্যাত। পাহাৰখনৰ আশে-পাশে থকা গাঁৱসমূহে পৰম্পৰাগত ভাৱে পাহাৰখনত থকা ধৰ্মীয় অনুষ্ঠান সমূহত উপাসনাৰ লগতে উৎসৱ-পৰ্বন অনুষ্ঠিত কৰি আহিছে । কিন্ত শেহতীয়াকৈ পাহাৰখন চোৰাংবেপাৰীৰ কবলত পৰিছে ।

পাহাৰখনৰ চাৰিওফালে থকা শিলবোৰ ভাঙি ধ্বংসকাৰীয়ে বিভিন্ন ঠাইলৈ নিছে । ৰাইজে অভিযোগ কৰা মতে প্ৰমীলাৰানী ব্ৰহ্ম বনবিভাগৰ মন্ত্ৰী হোৱাৰ দিনৰে পৰা পাহাৰখনত শিল ভঙাৰ দৰে প্ৰাকৃতিক সম্পদৰ ধংস যজ্ঞ আৰম্ভ হৈছে । এইক্ষেত্ৰত বিশিষ্ট ঠিকাদাৰ ভাগ্য কলিতা আৰু অনিল দাস জৰিত থকা বুলিও ৰাইজে দুয়োগৰাকী ঠিকাদাৰলৈ আঙুলি টোঁৱাইছে । ঐতিহ্যমণ্ডিত মণ্ডিত দুধখৰি পাহাৰৰ আশে-পাশে থকা একাংশ লোকক উল্লেখিত ঠিকাদাৰ দুগৰাকীয়ে মেনেজ কৰি শিল ভঙাৰ বাবে বনবিভাগৰ নথিপত্ৰ আছে বুলি প্ৰচাৰ চলাই নিৰ্বিঘ্নে সেই সময়ত যি শিল ভঙা আৰম্ভ কৰিছিল সেয়া আজিলৈকে বন্ধ হোৱা নাই। শিল ভাঙি পহাৰখনৰ পৰা নিৰ্ভয়ে উলিয়াই নিয়াৰ লগতে মূল্যৱান গছ-গছনি সমূহো কাটি নিছে

যাৰ বাবে পাহাৰখনত থকা দুষ্প্ৰাপ্য বিভিন্ন সৰীসৃপ, লতামাকৰি বাঘ, বান্দৰ, হৰিণ, আদি জীৱ-জন্তুৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে । পাহাৰখনত শিল ভঙাৰ লগতে গছ-গছনি সমূহ কাটি তহিলং কৰাত জীৱ-জন্তু সমূহ পাহাৰৰ পৰা নামি আশে-পাশে থকা খেতিপথাৰ আৰু গাঁৱবোৰত যোৱাত এচাম দুৰ্বৃত্তই বহু জীৱ-জন্তু ইতিমধ্যে নিধন কৰি পেলাইছে । আনহাতে পাহাৰখনৰ শিল ভাঙি, গছ-গছনি কাটি পৰিৱেশ বিনষ্ট কৰাত পাহাৰখনত থকা ধৰ্মীয় উপসনাৰ অনুষ্ঠানবোৰলৈও ভাবুকি আহিছে ।

বনবিভাগৰ বিষয়া-কৰ্মচাৰী টিঘিলঘিলাই থকাৰ মাজতে ছয়গাঁৱৰ দুধখৰি পাহাৰত এনেদৰে নিৰ্বিঘ্নে প্ৰাকৃতিক সম্পদ ধ্বংস কৰি থকা দেখিও ধ্বংসকাৰীৰ বিৰুদ্ধে বনবিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ বুজিবলৈ বাকী নাই প্ৰকৃততে বনবিভাগ আৰু প্ৰাকৃতি সম্পদ ধবংসকাৰীৰ মাজত থকা ৰসহ্যজনক সম্পৰ্কৰ কথা। শেহতীয়াকৈ দুধখৰি পাহাৰ সংৰক্ষণ সমিতি নামৰ সমিতিখনে পাহাৰখনত শিল ভঙা আৰু গছ-গছনি কটা নিষিদ্ধ ঘোষণা কৰিছে । আনকি পাহাৰখনত গছ পুলি ৰোপণ কৰাৰ দৰে এক ইতিবাচক অভিযানো আৰম্ভ কৰিছে ।নি:সন্দেহে সেয়া অতি ভাল পদক্ষেপ

Leave A Reply

Your email address will not be published.