চিৰাংৰ ঢালিগাঁৱৰ মন্দিৰত উদ্ধাৰ গো-মাংস

চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত এংকৰবাৰীস্থিত এটা লক্ষ্মী মন্দিৰৰ সমিপত গো মাংস উদ্ধাৰক লৈ দেওবাৰে অঞ্চলটোত চেপা উত্তেজনাৰ সৃষ্টি হয়। গো মাংস উদ্ধাৰৰ খবৰ লাভ কৰা মাত্ৰেই ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে আৰক্ষী বাহিনী লক্ষ্মী মন্দিৰৰ চৌহদ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে পৰিত্যক্ত অৱস্থাত এটা পলিথ বেগত কিছু সতেজ কটা মাংস উদ্ধাৰ কৰে।

একাংশ স্থানীয় লোকে বিশ্বজিৎ ৰায় ওৰফে কাছু নামৰ যুৱক জনে মাংসৰ টোপোলাটো আনি পূব এংকৰবাৰী লক্ষ্মী মন্দিৰ চৌহদৰ পৰা কিছু নিলগত থকা বাঁহনী এডৰাত পেলাই থৈ যায় বুলি আৰক্ষীক জনায় । স্থানীয় একাংশ লোকে বিশ্বজিৎ ৰায় ওৰফে কাছুই অঞ্চলটোত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ উদ্দেশ্য লক্ষ্মী মন্দিৰৰ চৌহদত গো মাংস ৰখাৰ বাবে অনা বুলি দাবী কৰাৰ বিপৰীতে ঢালিগাঁও আৰক্ষীয়ে বিভিন্ন আসামিজ কামত লিপ্ত যুৱক জনে নিজে ভক্ষণ কৰাৰ বাবে গো মাংস খিনি আনি…

Leave A Reply

Your email address will not be published.