যিকোনো মুহূৰ্তত ভাৰতৰ হাতত ব্ৰিটেইনে গটাই দিব পাৰে একালৰ আলফা স্বাধীনৰ সভাপতি ডাঃ মুকুল হাজৰিকা ওৰফে অভিজিৎ অসমক। ভাৰত চৰকাৰৰ পৰা অভিজিৎ অসমক প্ৰত্যাৱৰ্তন কৰাৰ অনুৰোধ পোৱাৰ পাছতেই ইউ কে চৰকাৰৰ কেইবাটাও এজেন্সীয়ে লণ্ডনত বাস কৰা চিকিৎসক গৰাকীক সোধপোছ কৰিছে।
উল্লেখযোগ্য যে, কিছুদিনৰ পূৰ্বে আলফা স্বাধীনে প্ৰকাশ কৰা নতুন কমিটীত নাম নাছিল অভিজিৎ অসমৰ। কিন্তু ইয়াৰ পূৰ্বে পৰেশ বৰুৱাৰ দ্বাৰা পৰিচালিত আলফা স্বাধীনৰ সভাপতি হিচাপে মুকুল হাজৰিকাই অভিজিৎ অসমৰ নাম লৈ দায়িত্ব লৈছিল। ব্ৰিটেইনৰ নাগৰিক তথা বিশিষ্ট চিকিৎসক গৰাকীক যোৱা কেইমাহত কেইবাবাৰো সোধপোছ কৰা হৈছে বুলি জানিব পৰা গৈছে।
মূলতঃ নতুন দিল্লীৰ অনুৰোধক্রমে গ্রেট ব্রিটেইন চৰকাৰে এইক্ষেত্রত আৰম্ভ কৰিছে বিশেষ তৎপৰতা৷ কর্মসূত্রে দীর্ঘদিন ধৰি লণ্ডনত বসবাস তথা গ্রেট ব্রিটেইনৰ নাগৰিকত্ব গ্রহণ কৰা ডাঃ মুকুল হাজৰিকা ওৰফে অভিজিৎ অসমক ইতিমধ্যে বিগত কেইবামাহো বিদেশী ৰাষ্ট্রখনৰ একাধিক সংস্থাই সোধা–পোছা কৰিছে৷ এক শীর্ষস্থানীয় সূত্রই দাবী কৰা অনুসৰি গ্রেট ব্রিটেইনত আইনী প্রক্রিয়া সম্পন্ন হোৱাৰ পাছতে আলফা (স্বাধীন)ৰ একালৰ সভাপতিজনক ভাৰতলৈ প্রত্যর্পণ কৰাটো নিশ্চিত৷