শিলচৰ কাণ্ডক লৈ জ্বলিছে অসম

অসমীয়া ভাষাৰ ওপৰত কোনোবাই ক’লা ৰং সানিব? নহ’ব, চিধাই পিটন দিয়া হ’ব। অসমৰ মাটিত বঙালী সংগঠনৰ কি প্ৰয়োজন। এই সকলো সংগঠন নিষিদ্ধ কৰি দিব লাগে।… চৰকাৰে যদি ব্যৱস্থা গ্ৰহণ নকৰে আমি ব্যৱস্থা গ্ৰহণ কৰিম। বীৰ লাচিত সেনাৰ তৰফৰ পৰা ৪৮ঘণ্টা সময় বান্ধি দিছোঁ চৰকাৰ, এৰেষ্ট কৰি জে’লত ভৰাই দিয়ক। ‘কা’ নানোতেই ইমান অতপালি বাঢ়িছে, ‘কা’ অনাৰ পাছত আমাৰ কি হ’ব?’ অসমৰ মাটিতে অসমীয়াক ভাষাক অপমান কৰাৰ অভিযোগত এনেদৰে গৰজি উঠিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। অসমীয়া ভাষাৰ ফলকত ক’লা ৰং সানি বাংলা ভাষা ব্যৱহাৰ কৰাৰ দাবী তোলা সংগঠনৰ বিৰুদ্ধে সৰৱ হৈ পৰে লাচিত সেনাৰ স্পষ্টবাদী নেতাজন। এই কাৰ্যৰ সৈতে প্ৰদীপ দত্ত ৰয় নামৰ বিতৰ্কিত লোকজন জড়িত আছে বুলি অভিযোগ কৰি শৃংখল চলিহাই হুংকাৰ দিয়ে, ‘প্ৰদীপ দত্ত ৰয়ক য’তেই পাম তাতেই পিটিম। জাতিৰ লগত আপোচ কৰা নহ’ব।’

উল্লেখ্য যে, বৰাকত অসম চৰকাৰৰ আঁচনি ‘জল জীৱন মিছন’ৰ এখন প্ৰচাৰ ফলকত ক’লা ৰং সানি দিছিল ‘বৰাক ডেম’ক্ৰেটিক য়ুথ ফ্ৰণ্ট’ আৰু ‘সদৌ বঙ্গালী যুব সংস্থা’ নামৰ দুটা সংগঠনে। সংগঠন দুটাৰ এই কাৰ্যক তীব্ৰ গৰিহণা দিছে বিভিন্ন দল-সংগঠনে৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈ বৰঝাৰ বিমানবন্দৰত উপস্থিত এই কাৰ্যক তীব্ৰ গৰিহনা দিয়ে। অসমত ‘কা’ জাপি দিয়াৰ বাবেই এনেধৰনৰ কাৰ্য সংঘটিত হোৱা বুলি মন্তব্য লুৰীণজ্যোতিৰ। অসমত জাতিবিৰোধী এই সংগঠনসমূহক নাকী লগাই শাস্তি বিহাৰ দাবী অসম জাতীয় পৰিষদৰ। তেওঁ কয়, “ব্ৰহ্মপুত্ৰ উপত্যকাতো বহুতো বঙালী অনুষ্ঠান আছে এইসমূহত কেতিয়াও আক্ৰমণ হোৱা নাই বা বিৰোধ কৰা নাই। অসমক কেতিয়াও কাশ্মীৰ বা ত্ৰিপুৰা হ’বলৈ এৰি দিয়া নহ’ব।”
ইপিনে শিলচৰ কাণ্ড সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰে প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে৷ তেওঁ কয়, ‘মুছলিম মৌলবাদী সংগঠনে অসমীয়া ফলকত সানিছে ৰং৷ অসমত বিভাজনৰ চেষ্টা কৰিছে মৌলবাদী সংগঠনে৷’ লগতে কয় এই ঘটনাৰ আঁৰত বাওঁপন্থীসকলৰ ষড়যন্ত্ৰ নিহিত হৈ আছে। অসম অশান্ত কৰাৰ লক্ষ্যৰে বাওঁপন্থীসকলে এই ঘটনাত উদগনি দিছে৷ কিন্তু অসমীয়া এতিয়া জাগ্ৰত হৈছে আৰু অসমীয়াৰ মাজত এতিয়া আৰু এনে ষড়যন্ত্ৰই বিভাজন আনিব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰে।

অসমীয়াৰ মাজত ইছলামিক মৌলবাদী আৰু বাওঁপন্থীয়ে বিভাজন অনাৰ যি ষড়যন্ত্ৰ কৰিছে সেয়া হ’বলৈ দিয়া নহ’ব বুলিও তেওঁ হুংকাৰ দিয়ে। আনহাতে, এই কাণ্ড লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সমগ্ৰ স্বাভিমানী অসমীয়াক কৰা অপমান বুলি অভিহিত কৰিছে৷ লগতে এই কাণ্ডৰ আঁৰত থকা প্ৰতিজন লোকক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহাৰ দাবী জনায় আছু নেতাগৰাকীয়ে৷ অসমত অসমীয়া ভাষাক নস্যাৎ কৰাৰ চেষ্টা কৰিলে সেয়া কেতিয়াও মানি লোৱা নহ’ব বুলিও তেওঁ মন্তব্য কৰে। চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে অসমবাসী ৰাইজ বহি নাথাকে বুলিও তেওঁ সকীয়াই দিয়ে। তেওঁ লগতে অভিযোগ কৰে যে, ‘’কা’ বলবৎ কৰাৰ জৰিয়তে অসমত অসমীয়াভাষী লোক যে সংখ্যালঘুত পৰিণত হ’ব সেয়া এতিয়া প্ৰমাণ হ’বলৈ গৈ আছে।

ত্ৰিপুৰাত ত্ৰিপুৰীসকৰ দৰে অৱস্থা এতিয়া অসমীয়াৰো হ’বলৈ গৈ আছে। এটা বাংলা লবীয়ে সেই চেষ্টা পূৰ্বৰে পৰা কৰি আহিছে। প্ৰদীপ দত্ত ৰয় নামৰ যিজন লোক এই সংগঠনটোৰ নেতৃত্বত আছে তেওঁ পূৰ্বেও হিন্দু বাঙালী আৰু অসমীয়াভাষী তথা বাংলাভাষীৰ মাজত বিদ্বেষ সৃষ্টি কৰি ৰাজনীতি কৰি আহিছে। এইসকল লোকক নাকী লগাব লাগে।’ ইফালে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমায়ে এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ। কাতি বিহুৰ দিনটোতে অসমত অসমীয়া ভাষা এলাগী আৰু অপমানিত হ’বলগীয়া হোৱাটোক তেওঁ দুৰ্ভাগ্যজনক আখ্যা দিয়ে।‘জাতিটোৰ কাৰণে, ৰাজ্যখনৰ কাৰণে ইয়াতকৈ বেদনাদায়ক কথা আৰু একো হ’ব নোৱাৰে। মই বাৰম্বাৰ এটা কথা কৈ আহিছোঁ যে, একাংশ বাঙালী সংগঠনে এটা বিশেষ ডিজাইন কৰি আগবঢ়িব খোজে। তেওঁলোকে অসমত অসমীয়া মানুহৰ লগে লগে বঙালী মানুহৰ এটা সমতা স্থাপন কৰিব খোজে। অসমীয়া ভাষাৰ লগে লগে বাংলা ভাষাৰ এটা সমতা স্থাপন কৰাই নহয়, তেওঁলোক অধিক আগবাঢ়িহে যাব খোজে।’ অসমত অসমীয়াভাষী লোকৰ সংখ্যা অৱনমিত হোৱাক লৈও তেওঁ প্ৰকাশ কৰে গভীৰ উদ্বেগ।

Leave A Reply

Your email address will not be published.