বোৱাৰী হত্যাৰ ঘটনাই জোকাৰিছে হাজো

লামডিঙত সংঘটিত হোৱা এগৰাকী ন-বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাই এতিয়া তোলপাৰ লগাইছে তীৰ্থনগৰী হাজোৰ লগতে সমগ্ৰ ৰাজ্য। হাজোৰ ৰামদিয়াৰ উজানকুৰিৰ জীয়ৰী কংকনা মজুমদাৰৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি মহিলা সমাজৰ উত্তাল প্ৰতিবাদ। তিনি শতাধিক মহিলাই ঘেৰাও কৰিলে হাজো আৰক্ষী থানা। হত্যাকাৰীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবীত মহিলাসকলে এনেদৰে আজি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ।

উল্লেখ্য যে, ১৩ অক্টোবৰ তাৰিখে লামডিঙৰ ৰে’লৱে কোৱাৰ্টাৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল কংকনা মজুমদাৰৰ মৃতদেহ। তাৰ পিছতে কংকনাৰ পৰিয়ালৰ লোকে স্বামী দ্বীপেন দাসে কংকনাক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। আনকি স্বামী দ্বীপেন দাসে বিলাসী গাড়ী আৰু পাঁচ লাখ টকা যৌতুক দাবী কৰাৰো গুৰুতৰ অভিযোগ কৰিছিল কংকনাৰ ভাতৃ হীৰক মজুমদাৰে।

সাতমাহ পূৰ্বে হাজোৰ অভয়পুৰৰ দ্বীপেন দাসে ৰামদিয়া উজানকুৰীৰ কংকনা মজুমদাৰৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। তাৰ পাছতে ১৩ অক্টোবৰত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনাটো। এই ঘটনাৰ ৫ দিন উকলি যোৱাৰ পিছতো হত্যাকাৰীৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰাত আজি এইদৰে ওলাই আহি মহিলাসকলে ঘেৰাও কৰিলে হাজো আৰক্ষী থানা।

Leave A Reply

Your email address will not be published.