প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙক গ্ৰেপ্তাৰ হাৰিয়ানা আৰক্ষীৰ

হাৰিয়ানাৰ হান্সিত দাখিল কৰা এটা গোচৰত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙক গ্ৰেপ্তাৰ কৰা হৈছে। তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ বিৰুদ্ধে বৰ্ণবাদী মন্তব্যৰ গোচৰ ৰুজু কৰা হৈছিল৷

যুৱৰাজ সিঙৰ (Yuvraj Singh) বিৰুদ্ধে অভিযোগ উঠিছিল যে তেওঁ ৰোহিত শৰ্মাৰ সৈতে লাইভ চেটত য়ুজবেন্দ্ৰ চাহালৰ বিষয়ে জাতিবিদ্বেষমূলক মন্তব্য কৰিছিল, যাৰ পিছত ছ’চিয়েল মিডিয়াত সৰৱ চৰ্চা হয় আৰু যুৱৰাজক ক্ষমা খোজাৰ বাবে আহ্বান জনোৱা হয়। যুৱৰাজে বিতৰ্কিত পোষ্টটো সন্দৰ্ভত দুখ প্ৰকাশ কৰি ক্ষমা বিচাৰিছিল৷ তেওঁ কৈছিল যে তেওঁ কাৰো আৱেগক আঘাত কৰিবলৈ এই মন্তব্য কৰা নাছিল৷

কিন্তু এই গোচৰটোক লৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত যুৱৰাজ সিঙে চণ্ডীগড়লৈ যায় আৰু তাত তেওঁক হান্সি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ অৱশ্যে তেওঁক অন্তৰ্ৱৰ্তী জামিনত মুকলি কৰি দিয়া হয়।

Leave A Reply

Your email address will not be published.