কাতি বিহুৰ দিনা ধাননি পথাৰত বন্তি প্ৰজ্বলন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
২৮নং গোসাঁইগাঁও বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ তুঙত। গোসাঁইগাঁও বিধানসভা সমষ্টিত বিজেপি-ইউপিপিএল মিত্ৰদলৰ প্ৰাৰ্থী জীৰন বসুমতাৰীৰ হৈ প্ৰচাৰ চলাবৰ বাবে সোমবাৰে গোসাঁইগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কাৰ্যসূচী অনুসৰি বিয়লি চাৰি বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোসাঁইগাঁও মহকুমাৰ সদৰ চহৰৰ নিকটৱৰ্তী হাৰাপুটাস্থিত আছাৰ প্ৰতিষ্ঠাপক সভাপতি জাষ্টিন লাক্ৰাৰ গৃহত উপস্থিত হৈ প্ৰয়াত সভাপতি জাষ্টিন লাক্ৰাৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আছাৰ প্ৰতিস্থাপক সভাপতিগৰাকীৰ পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰে৷ তাৰ পিছত সংবাদিকৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰয়াত আছাৰ সভাপতি জাষ্টিন লাক্ৰাৰ সৈতে তেওঁৰ ঘৰুৱা সম্পৰ্ক আছিল৷ ইয়াৰ পিছত পদ্মবিলস্থিত আছাৰ প্ৰায়ত সভাপতি বস্কো চেৰমাকোৰ গৃহত উপস্থিত হৈ প্ৰয়াত ছাত্ৰ নেতাগৰাকীৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে আৰু তেওঁৰ পৰিয়ালবৰ্গৰ সৈতেও মত বিনিময় কৰে মুখ্যমন্ত্ৰীয়ে৷
পৰৱৰ্তী কাৰ্যসূচী অনুসৰি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত শ্ৰীৰামপুৰৰ চাওতাল কলোনীৰ ধাননি পথাৰত কাতি বিহুৰ বন্তি প্ৰজ্বলন কৰে। বন্তি প্ৰজ্বলন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ উদ্দেশ্যে কয় যে অসমীয়া জনজীৱনৰ অতিকৈ আপোন কাতি বিহুৰ দিনা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে অসমবাসীৰ খেতিপথাৰত সোণালী শইচৰ সৃষ্টি হৈ আমাৰ পৰা কঙালী দূৰ হৈ আমাৰ জীৱনত সুখ আৰু সৌভাগ্যৰে ভৰি পৰক।
ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে গোসাঁইগাঁও আৰক্ষী থানাৰ অধীনস্থ মৰনাই চা বাগিচাত নিশা সকলো সম্প্ৰদায়ৰ প্ৰায় এশ দল সংগঠনৰ লগত মত বিনিময় কৰে। সকলো জাতি–জনগোষ্ঠীৰ সমস্যাসমূহ দল–সংগঠনৰ নেতৃত্বৰ লগত আলোচনা কৰে। পৰৱৰ্তী সময়ত কেনেকৈ সমস্যাসমূহ সমাধান কৰিব পাৰি তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে।