পুনৰ অস্কাৰ অভিমুখে অসমীয়া চলচ্চিত্ৰ! ‘ব্ৰীজ’
পুনৰ অসমীয়া ছবিলৈ আহিছে এক সুখবৰ। অক্সাৰমুখী বাটেৰে বাট বুলিছে আন এখন অসমীয়া ছবিয়ে। অক্সাৰৰ বাবে নিৰ্বাচন কৰিবলগীয়া ভাৰতীয় ছবিৰ সম্ভাব্য তালিকাত স্থান লাভ পুৰস্কাৰ বিজয়ী অসমীয়া চলচ্চিত্ৰ ‘ব্ৰীজ’ৰ। ব্ৰীজৰ নিৰ্দেশনা অসম সন্তান কৃপাল কলিতাৰ। ব্ৰহ্মপুত্ৰৰ প্ৰতি থকা ভালপোৱা আৰু এগৰাকী কিশোৰীৰ বানপানীৰ সময়ৰ এখন দলঙক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ক্ষতি, হতাশা আদি বিষয়ক সুন্দৰকৈ উপস্থাপন কৰি ব্ৰীজ নামৰ চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে। উজনি অসমৰ লখিমপুৰ আৰু গোলাঘাটত চলচ্চিত্ৰখনৰ শ্বুটিং সম্পূৰ্ণ কৰা হৈছে।
৫১সংখ্যক ’গোৱা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অব ইণ্ডিয়া ’ ত এই চলচ্চিত্ৰখনৰ প্ৰদৰ্শন কৰা হৈছিল। এই ফেষ্টিভেলত একমাত্ৰ অসমীয়া চলচ্চিত্ৰ হিচাপে ‘ব্ৰীজ’ প্ৰদৰ্শিত হৈছিল আৰু বিচাৰকৰ বিশেষ উল্লেখ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে ব্ৰীজৰ লগতে এই তালিকাত অন্য ১২ খন ভাৰতীয় চলচ্চিত্ৰই স্থান লাভ কৰিছে যাৰ পৰা বিচাৰকে এখন চলচ্চিত্ৰক ভাৰতৰ পৰা অস্কাৰৰ বাচনিলৈ নিৰ্বাচিত কৰিব।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’ ছবিখনে অস্কাৰৰ দৌৰত ভাৰতীয় চলচ্চিত্ৰক প্ৰতিনিধিত্ব কৰিছিল। ছবিখনে চূড়ান্ত সফলতা লাভ নকৰিলেও অসমীয়া ছবিৰ এটা নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছিল