ধাৰাসাৰ বৰষুণৰ ফলত উত্তৰাখণ্ডত বিভীষিকা, এতিয়ালৈ ৮জনৰ মৃত্যু, কেইবাটাও পথ বন্ধ, আজিও Red Alert
উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণৰ ফলত যেন বিভীষিকা নমাই আনিছে। বিভিন্ন স্থানত ভূমিস্খলনৰ ফলত ৬জন লোকৰ লগতে এতিয়ালৈ মুঠ ৮জন লোকৰ প্ৰাণ যোৱাৰ খবৰ প্ৰকাশ পাইছে। লগতে ৰামনগৰত কোছী নদীৰ জলস্তৰ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ ফলত কেইবাখনো ৰিজ’ৰ্ট পানীত বুৰ যোৱাৰ বিপৰীতে কেইবাখনো খালী কৰোৱা হৈছে। নাইনিতালৰ ৰামগড়ৰ এটা অঞ্চল সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে। আনহাতে, আলমোড়াত একাংশ লোক ঘৰৰ ধ্বংসস্তুপত আবদ্ধ হৈ পৰাৰ খবৰ আহিছে আৰু পৰিস্থিতি ইমানেই বেয়া যে উদ্ধাৰকাৰী দলো উপস্থিত হ’ব পৰা নাই।
পৌড়ীৰ লেঞ্চডাউনত ভূমিস্খলনৰ ফলত এটা পৰিয়ালৰে ৩ সদস্যৰ মৃত্যু হৈছে। আনহাতে, চম্পাৱত জিলাত একেধৰণৰ ঘটনাত দুজন আৰু ৰুদ্ৰপ্ৰয়াগ জিলাত কানপুৰৰ এগৰাকী পৰ্যটকৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পাইছে। ভূমিস্খলন আৰু মূষলধাৰ বৰষুণৰ বাবে ঠায়ে ঠায়ে বন্ধ হৈ পৰিছে পথ।
ধাৰাসাৰ বৰষুণৰ পিছত বৰ্তমান ডেৰাদুনত ৰ’ত দেখা গৈছে, গঢ়ৱালত বৰষুণ কমিছে, কিন্তু কুমাও মণ্ডলত এতিয়াও অব্যাহত আছে বৰষুণ। ৰুদ্ৰপ্ৰয়াগ, কেদাৰনাথত পাতল বৰষুণ অব্যাহত আছে। বতৰ বিজ্ঞান বিভাগে মঙলবাৰে অৰ্থাৎ ১৯ অক্টোবৰৰ বাবেও ৰেড এলাৰ্ট জাৰি কৰিছে। এলাৰ্ট অনুসৰি, ৰাজ্যখনৰ কেইবাটাও অঞ্চলত ধাৰাসাৰ বৰষুণ হ’ব পাৰে। ইয়াৰ উপৰি প্ৰতিঘণ্টাত ৬০ৰ পৰা ৮০ কিলোমিটাৰ বেগত ধুমুহা অহাৰো সম্ভাৱনা প্ৰকাশ কৰিছে