মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা:‘চৰকাৰী ঘৰ দিবলৈ কোনোৱাই এক টকা ল’লেও মাটিৰ দালালৰ দৰে জে’লত ভৰোৱা হ’ব’
ক্ৰমাৎ বিটিচিত বলিছে নিৰ্বাচনৰ বলিয়া বতাহ৷ বিটিচিত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই বৃদ্ধি পাইছে ব্যাপক নিৰ্বাচনী তৎপৰতা৷ ইয়াৰ সমান্তৰালকৈ গোসাঁইগাঁৱত আজি অনুষ্ঠিত হয় বিজেপিৰ এখন বিশাল নিৰ্বাচনী জনসভা৷ গোসাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত বিজেপিৰ আজিৰ এই নিৰ্বাচনী সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
নিৰ্বাচনী সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, পূৰ্বতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আমি টকা দি ল’ব লাগিছিল। এতিয়া আৰু সেইবোৰ নহ’ব। কোনোবাই এক টকা ল’লেও মাটিৰ দালালক যেনেদৰে জে’লত ভৰাইছো সেইদৰে এইবোৰকো জে’লত ভৰোৱা হ’ব। লগতে মুখ্যমন্ত্ৰীয়ে কয় যে নৱেম্বৰ মাহৰ পৰা তিনিটা কিস্তিত মাইক্ৰ’ফাইনেঞ্চ লোৱা এঘাৰ লাখ মহিলাৰ ঋণ চৰকাৰে ঘূৰাই দিব। এই সিদ্ধান্ত চৰকাৰে লৈছে।
‘‘কংগ্ৰেছ, বিপিএফ আৰু এআইইউডিএফৰ দিছপুৰতো চৰকাৰ নাই, বিটিআৰতো চৰকাৰ নাই, দিল্লীতো চৰকাৰ নাই। তেওঁলোকক ভোট দিয়া নিদিয়া একে কথা। তেওঁলোকক ভোট দিয়াতকৈ ঘৰত পইতা ভাত খাই শুই থকাই ভাল। আপোনালোকে উপ–নিৰ্বাচত গোসাঁইগাওঁ বিধানসভা সমষ্টিৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী জিৰন বসুমতাৰীক জিকাই দিয়ক গোসাঁইগাঁৱত উন্নয়নৰ গংগা নামিব।’’ – সভাত মন্তব্য মুখ্যমন্ত্ৰীৰ।