আই পি এলক লৈ কেনেদৰে চলিছিল জীৱনৰ বাজি

সামৰণি পৰিল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চতুৰ্দশ ছিজনৰ। বিশ্বৰ আটাইতকৈ জনপ্ৰিয় আৰু ধনে-জনে উভৈনদী এই খেল এতিয়া পিছে বিমল মনোৰঞ্জনৰ উৎস হৈ ৰোৱা নাই। আইপিএলৰ নামত এতিয়া দেশজুৰি চলিছে জুৱা। সহজলভ্য ধনৰ লালসাত আইপিএৰ জুৱাৰ কৱলত পৰি এতিয়া বহু লোক সৰ্বস্বান্ত হ’বলগীয়া হৈছে। অসমতে আইপিএলৰ জুৱাৰ বাবেই শতাধিক লোকে কৰিছে আত্মত্যা। জুৱাত সৰ্বস্বান্ত হৈ এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছে বহুজন। এই উদ্বেগজনক তথ্য পোহৰলৈ অহাৰ পাছতে ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

কেবল গুৱাহাটীতেই ৫জন লোকে আত্মহত্যা কৰি জুৱা খেলি সৰ্বস্বান্ত হোৱাৰ পাছত। এনে পৰিস্থিতি এতিয়া জুৱাৰীৰ বিৰুদ্ধে নিৰন্তৰ অভিযান অসম আৰক্ষী তথা ক্ৰাইম ব্ৰাঞ্চৰ৷ যোৱা শনিবাৰে অজয় আগৰৱালৰ ঘৰত চলোৱা অভিযানৰ পাছত এইবাৰ অশোক জৈন আৰু মনোজ জৈনৰ ঘৰত অভিযান চলাইছে ক্ৰাইম ব্ৰাঞ্চে৷ লক্ষণীয়ভাৱে বিগত কেইটামান দিনত জুৱাৰ বাবেই আত্মহননৰ দৰে পথ বাছি লৈছিল গুৱাহাটীৰ ৫ জনকৈ লোকে৷ ফটাশিলত আত্মহত্যা ৰাধে শ্যাম পাৰেকৰ৷ ফাঁচীবজাৰৰ আলুপট্টিত আত্মহত্যা অমৃত জালানৰ৷ ভৰলুমুখত ৰবি মাচকাৰাৰ, ফাঁচীবজাৰত প্ৰবীণ কাব্ৰাৰ আৰু পল্টনবজাৰত সঞ্জীৱ মালোৰ আত্মহত্যা আইপিএলৰ জুৱাৰ বাবেই।

জুৱাৰ বাবেই আত্মহনন গুৱাহাটীৰ ৫ জনকৈ লোক

ৰাজ্যত সংঘটিত এনে অনাকাংক্ষিত ঘটনাৰ বাবেই ক্ৰাইম ব্ৰাঞ্চে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি অভিযান অব্যাহত ৰাখিছে জুৱাৰীৰ বিৰুদ্ধে৷ সোমবাৰেও দুই ব্যৱসায়ীৰ ঘৰত চলিল ক্ৰাইম ব্ৰাঞ্চৰ অভিযান৷ ফাঁচীবজাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানতো অভিযান ক্ৰাইম ব্ৰাঞ্চৰ৷ কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰা তিনি জুৱাৰীৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান অশোক জৈন আৰু মনোজ জৈনৰ ঘৰত ৷ কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ হৈছিল ৰৌণক বজৰীয়া, দিপেশ বজৰীয়া আৰু ৰাজেশ জৈন ৷ দেওবাৰে ৰৌনক বজৰীয়াক জে’ললৈ প্ৰেৰণ কৰে যদিও আদালতৰ পৰা দিপেশ বজৰীয়া আৰু ৰাজেশ জৈনক ক্ৰাইম ব্ৰাঞ্চে পুণৰ নিজৰ জিম্মাত লয়৷ জিম্মাত থকা দুয়োজন জুৱাৰীক লগত লৈ সোমবাৰে অশোক জৈন আৰু মনোজ জৈনৰ ঘৰত অভিযান চলায় ক্ৰাইম ব্ৰাঞ্চ এ

মন কৰিবলগীয়া যে, অশোক জৈন আৰু মনোজ জৈন পেচাত ব্যৱসায়ী৷ মহানগৰীত আছে তেওঁলোকৰ বিশাল ব্যৱসায়িক প্ৰতিষ্ঠান। কিন্তু সহজলভ্য ধনৰ লালসাত মুম্বাইৰপৰা দুই ভাতৃয়ে চলাই আছিল ক্ৰিকেটৰ কোটিটকীয়া জুৱা৷ অমিত নামৰ এজনক অসমৰ দায়িত্ব দিছিল দুই জৈন ভাতৃয়ে৷ দুই ব্যৱসায়ীৰ মালিকানাধীন ফাঁচীবজাৰৰ ‘যোগাৰ্ছ’ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানখনতো অভিযান চলাই ক্ৰাইম ব্ৰাঞ্চে৷ আৰক্ষীৰ অভিযানৰ উমান পায়েই অশোক জৈন আৰু মনোজ জৈন সম্প্ৰতি পলাতক হৈ আছে৷ দুয়োজন জুৱাৰীৰ ঘৰৰ এটা মহলাও সোমবাৰে ছীল কৰি দিয়ে ক্ৰাইম ব্ৰাঞ্চে৷ লগতে দুয়োজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে নগদ ২৬ লাখ ৪২ হাজাৰ টকা আৰু জুৱাত ব্যৱহাৰ কৰা ৪টা ম’বাইল ফোন৷ ইফালে, আৰক্ষীৰ তালিকাত আছে গণেশগুৰীত ক্ৰিকেটৰ জুৱা চলোৱা পাৰ্বিন গোৱেল আৰু নৱীন গোৱেল৷ ধীৰেণপাৰাৰ অনিল ৰথী আৰু বিকাশ আগৰৱাল৷ ফাঁচীবজাৰৰ অমিত চিটিয়া আৰু নাৰায়ন তিৱাৰী৷ আৰু এই সমগ্ৰ চক্ৰটোৰ মাষ্টাৰমাইণ্ড হৈছে বিজয় আগৰৱাল৷ দেশৰ বিভিন্ন প্ৰান্তত এই জুৱাৰী চক্ৰটোৱে গঢ়িছে পৰ্বতসম সম্পত্তি৷ এই চক্ৰটোৰ প্ৰতিজন জুৱাৰীকে অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ বাবে মন বান্ধিছে আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.