ভাওনাত মোহন-মুকুতাৰ বহুৱালিক লৈ তীব্ৰ ক্ষোভ লখিমপুৰ জিলা ভাওনা শিল্পী সমাজৰ…

ভাওনাত মোহন-মুকুতাৰ বহুৱালি: তীব্ৰ প্ৰতিক্ৰিয়া লখিমপুৰ জিলা ভাওনা শিল্পী সমাজৰ…
ভাওনাত মোহন-মুকুতাৰ বহুৱালি: তীব্ৰ প্ৰতিক্ৰিয়া লখিমপুৰ জিলা ভাওনা শিল্পী সমাজৰ…
By অসমীয়া প্ৰতিদিন on October 19, 2021

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: নগাঁও জিলাৰ পুৰণিগুদামৰ কাঁহুলি গাঁৱত অনুষ্ঠিত হোৱা “সমূদ্ৰ মন্থন” ভাওনাত ৰেঙনি চেনেলৰ “বেহাৰবাৰী আউটপ’ষ্ট” ধাৰাবাহিকৰ মোহন আৰু মুকুতা খ্যাত দুই শিল্পী দ্বীপজ্যোতি কেওট আৰু অস্বিনী ডেকাই বহুৱালিৰে ভাওনাক বিকৃত ৰূপত পৰিৱেশন কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিৰ্তকৰ মাজতে লখিমপুৰ জিলা ভাওনা শিল্পী সমাজেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

লখিমপুৰ জিলা ভাওনা শিল্পী সমাজৰ সভাপতি উপেন চন্দ্ৰ বৰুৱাই দুজনা গুৰুৰ অমৰ সৃষ্টি ভাওনাক বিকৃত কৰা কাৰ্যক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে উক্ত গৰ্হিত কাৰ্যৰ বাবে শিল্পী দুজনৰ লগতে উদ্যোক্তাসকলক অসম বাসীৰ ওচৰত নতশিৰে ক্ষমা খুজিবলৈ দাবী জনাইছে৷ অন্যথা লখিমপুৰ জিলা ভাওনা শিল্পী সমাজে আইনৰ কাষ চাপিব বুলিও সকীয়াই দিছে ।

Leave A Reply

Your email address will not be published.