উত্তৰপ্ৰদেশ লখিমপুৰ ঘটনাক কেন্দ্ৰ কৰি গ্ৰেপ্তাৰ চাৰি অভিযুক্তক

উত্তৰপ্ৰদেশৰ লখিমপুৰত সংঘটিত ঘটনাৰ বাহনখনত থকা ব্যক্তিসহ চাৰিজন লোকক সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। চলিত মাহৰ প্রথম ভাগত কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়তে তিনিখন গাড়ীয়ে মহতিয়াই নিছিল প্ৰতিবাদকাৰীসকলক। আৰু ইয়াৰে এখন বাহন কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰাৰ আছিল।

আৰক্ষীয়ে জনোৱা মতে, গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইজনক বিশেষ তদন্তকাৰী দলে সোধপোছ কৰি আছে। উল্লেখ্য যে, গাড়ীৰে মহতিয়াই নিয়া ঘটনাত ৮ জন লোকে হেৰুৱাইছিল প্ৰাণ। আৰু তাৰপাছত এই ঘটনাৰ বহু ভিডিঅ’ও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল

Leave A Reply

Your email address will not be published.