বিশ্বত অচিৰেই উপলব্ধ হ’ব হুপি ল’ব পৰা কোৰোণা ভেকচিন, ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়িব ৩০০ গুণ

চীন দেশে শেহতীয়াকৈ প্ৰস্তুত কৰিছে হুপি বা ইনহেল কৰি ল’ব পৰা কোভিড ভেকচিন (Inhalable Covid Vaccine)ৰ বুষ্টাৰ শ্বট। চীনৰ গ্লোবেল টাইমছত প্ৰকাশিত বাতৰি মতে এই ইনহেল কৰিব পৰা কোভিড বুষ্টাৰ শ্বটে ৩০০ গুণ অধিক এণ্টিবডী সৃষ্টি কৰিব পাৰে। চীনৰ কেনচিনো বায়’লজিকছে (CanSino Biologics) প্ৰস্তুত কৰিছে এই ভেকচিনবিধ। ‘এৰোছলাইজড ইনহেলেবল এডেনোভাইৰাছ Type-5 ভেক্টৰ বেছড কোভিড ১৯ ভেকচিন’ (Ad5-nCoV) দুই পালি কোভিড ভেকচিন লোৱাৰ পিছত গ্ৰহণ কৰিলে ইয়াৰ প্ৰতিৰোধ ক্ষমতা সাধাৰণ বুষ্টাৰতকৈ যথেষ্ট বৃদ্ধি পায় ।

উল্লেখ্য যে সাধাৰণ ভেকচিন এটা বুষ্টাৰ শ্বট হিচাপে গ্ৰহণ কৰিলে ইয়াৰ কাৰ্যকাৰীতা ৩০ গুণলৈ বৃদ্ধি পাব পাৰে। কিন্তু এই নতুন ইনহেল কৰি ল’ব পৰা বুষ্টাৰ শ্বট গ্ৰহণ কৰিলে প্ৰতিৰোধক্ষমতা ২৫০ৰ পৰা ৩০০ গুণলৈ বৃদ্ধিপোৱাৰ সম্ভাৱনা থাকে।

এই গৱেষণাৰ পৰা পোৱা গৈছে যে ভিন ভিন ভেকচিন আৰু বুষ্টাৰ শ্বটৰ সংমিক্ষণে একে ভেকচিন আৰু বুষ্টাৰ শ্বটৰ সংমিশ্ৰণতকৈ অধিক কাৰ্যকৰীভাৱে উশাহ শক্তিশালী কৰা প্ৰতিৰোধ ক্ষমতাৰ স্থায়িত্ব দীৰ্ঘম্যাদী কৰাত বেছি কাৰ্যকৰী।

Leave A Reply

Your email address will not be published.