আফগানিস্তানত মাৰ্কিন ৰাষ্ট্ৰদূত খলিলজাদৰ পদত্যাগ

আফগানিস্তানত মাৰ্কিন ৰাষ্ট্ৰদূত খলিলজাদৰ পদত্যাগ
তালিবানে আফগানিস্তানত পুনৰ শাসন দখল কৰাৰ পিচত দেশখনত থকা আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰদূত জলমে খলিলজাদে পদত্যাগ কৰে।আফগানিস্তানৰ পৰা মাৰ্কিন সেনাৰ প্ৰস্থান সন্দৰ্ভত তালিবানৰ সৈতে হোৱা মাৰ্কিন চৰকাৰৰ গুৰুত্বপূৰ্ণ আলোচনাত আগভাগ লৈছিল খলিলজাদে।আফগানিস্তানৰ পৰা মাৰ্কিন সেনা আঁ‌তৰি যোৱা প্ৰায় দুমাহৰ পিচত খলিলজাদে পদত্যাগ কৰে।খলিলজাদৰ ঠাইত আফগানিস্তানত মাৰ্কিন ৰাষ্ট্ৰদূত হিচাপে দায়িত্ব দিয়া হৈছে টম ৱেষ্টক।এই কথা সদৰি কৰে মাৰ্কিন গৃহ সচিব এণ্টনি ব্লিনকেনে।

Leave A Reply

Your email address will not be published.