অবৈধভাৱে ভূমি দখলৰ অভিযোগত সোণাৰিত ছাত্ৰ নেতাক গ্ৰেপ্তাৰ, জে’ললৈ প্ৰেৰণ
চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ সমীপৱৰ্তী তথা অসম-নগালেণ্ড সীমান্তৰ নামতোলাত বিভিন্নজনক ভাবুকিৰে মাটি বেদখল কৰাৰ অভিযোগত আজি জে’ললৈ যাব লগা হ’ল এজন আদিবাসী ছাত্ৰ নেতা। ঘটনাৰ বিৱৰণী মতে, সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত টাউকাক গাঁও পঞ্চায়তৰ নামতোলা চাহ বাগিচাৰ পাঁচ নং ৱাৰ্ডৰ হৰিশ তিৱাৰী নামৰ লোকজনৰ ৮৩নং পট্টাৰ ১৯৩ দাগৰ দুবিঘা এক কঠা এক লেছা মাটি দাবী–ধমকিৰে অবৈধভাৱে দখল কৰাৰ অভিযোগত যোৱানিশা নামতোলা আৰক্ষীয়ে আদিবাসী ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উপ-সভাপতি লক্ষণ গোৱালাক নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।
ঘটনাৰ সন্দৰ্ভত নামতোলা আৰক্ষীয়ে ৪২/২১ নম্বৰত এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৬/৪২০/৪৬৮/৪৪৭/৫০৬ অধীনত আজি ছাত্ৰ নেতাজনক জে’ললৈ প্ৰেৰণ কৰিছে। ইফালে নামতোলা আৰক্ষীয়ে আদিবাসী ছাত্ৰ নেতা লক্ষণ গোৱালাক জে’ললৈ নিক্ষেপ কৰাৰ পিছতেই আদিবাসী ছাত্ৰ সন্থাৰ এটা বৃহৎ দলে অভিযোগকাৰী তথা এজাহাৰকাৰী হৰিশ তিৱাৰীৰ নামতোলাৰ বাসগৃহত উপস্থিত হৈ গোচৰ প্ৰত্যাহাৰ কৰিবলৈ চৰম ভাবুকি দিয়াৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।
উল্লেখযোগ্য যে এই তথাকথিত ছাত্ৰ নেতাজনৰ বিৰুদ্ধে পূৰ্বতে বিভিন্ন পক্ষৰ পৰা দাবী–ধমকি তথা ভীতি প্ৰদৰ্শন কৰি ধন দাবী, ভূমি বেদখলকে ধৰি বহু অপৰাধমূলক কার্য সংঘটিত কৰাৰ অভিযোগ আছে বুলি আজি নামতোলাবাসীয়ে মুকলিকৈ সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে। আনহাতে, এনে ছাত্ৰ নেতাৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে ভুক্তভোগীৰ লগতে সচেতন মহলে।