বাদশ্বাহ পুত্ৰৰ জামিন সন্দৰ্ভত আজি ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি

বলিউড বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ জামিন সন্দৰ্ভত আজি শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে।
ড্ৰাগছৰ গোচৰত জড়িত হৈ পৰা আৰিয়ান কাৰাগাৰত বন্দী হৈ আছে।
বিগত ২ অক্টোবৰত এটা ক্ৰুজ পাৰ্টিত এন চি বিৰ অভিযানৰ সময়ত আটক কৰিছিল শ্বাহৰুখ খানৰ পুত্ৰক।
এই পাৰ্টিত বহু লোক আছিল যদিও মাত্ৰ ৮ জন লোকক হে আটক কৰা হৈছে।
আৰিয়ানৰ জামিনৰ বাবে পূৰ্বেও আবেদন কৰা হৈছিল যদিও ন্যায়ালয়ে তেওঁৰ জামিন আবেদন নাকচ কৰিছিল।

Leave A Reply

Your email address will not be published.