সন্তর্পণে বাঢ়ি আছে ক’ৰনা, ৰাইজে বাদ দিলে মাস্ক পিন্ধা

ক’ভিডৰ তৃতীয় ঢ়ৌৱে যিকোনো মুহূর্তত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি বিশেষজ্ঞসকলে কৰি অহা সকীয়নিকো গুৰুত্ব দিয়া নাই ৰাজ্যবাসীয়ে৷ চিকিৎসক–স্বাস্থ্য বিশেষজ্ঞসকলে বাৰম্বাৰ আহ্বান জনাই অহা সত্ত্বেও ক’ভিড বিধি মানি চলিবলৈ ৰাজ্যবাসীৰ মাজত নাই কোনো সচেতনতা৷ বৰং বজাৰৰ পৰা কার্যালয়লৈ, ৰাজহুৱা স্থানৰ পৰা শ্বপিং মললৈ, সকলোতে এতিয়া চলিছে ক’ভিড বিধি উলংঘাৰ অঘোষিত প্রতিযোগিতা৷ বিশেষকৈ ক’ভিড প্রতিৰোধৰ অন্যতম ‘অস্ত্র’ হিচাপে পৰিচিত মাস্ক পৰিধান কৰিবলৈ একপ্রকাৰ পাহৰি পেলাইছে ৰাজ্যবাসীয়ে৷ বিগত কিছুদিন ধৰি ৰাজ্যত ক’ভিড সংক্রমণৰ হাৰ হ্রাস পোৱাৰ পিছত বিভিন্ন সেৱাত অধিক শিথিলতা প্রদান কৰাৰ লগে লগে মাস্ক পৰিধান কৰিবলৈ এৰি দিছে সাধাৰণ ৰাইজে৷

উৎসৱৰ বতৰত ৰাইজৰ এনে বেপৰোৱা মনোভাবে ইতিমধ্যে বৃদ্ধি কৰিছে ক’ভিড আক্রান্তৰ সংখ্যা৷ ৰাজ্যত ক্রমাগতভাৱে হ্রাস পাই অহা ক’ভিড আক্রান্তৰ সংখ্যা শাৰদীয় দুর্গোৎসৱৰ পাছতেই বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ এই বৃদ্ধিয়ে জনসাধাৰণৰ ক’ভিড প্রট’কল ভংগৰ ফলশ্রুতি হিচাপে পৰিগণিত হৈছে৷ এনে পৰিস্থিতি অব্যাহত থাকিলে ৰাজ্যত অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি কৰিব, সেয়া একপ্রকাৰ নিশ্চিত৷ কিয়নো দুর্গোৎসৱৰ সময়তে ৰাজ্যবাসীয়ে প্রদর্শন কৰা অসাৱধানতাৰ ফলত সামান্য পৰিমাণে ক’ভিড আক্রান্তৰ হাৰ বৃদ্ধি পোৱা ইতিমধ্যে পৰিলক্ষিত হৈছে৷ আক্রান্তৰ হাৰ হ্রাস পোৱাৰ ফলত ৰাজ্যত দুর্গোৎসৱ আয়োজনৰ অনুমতি প্রদান কৰি ৰাজ্য চৰকাৰে কেতবোৰ নীতি–নির্দেশনা জাৰি কৰিছিল৷ দুর্গা পূজা চাবলৈ ওলাই অহা লোকসকলে সকলো সময়তে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক কৰা হৈছিল৷ সমান্তৰালভাৱে এপালি হ’লেও ভেকচিন লোৱা লোকসকলেহে পূজা চাব আহিব পাৰিব বুলিও চৰকাৰে প্রকাশ কৰিছিল৷ কিন্তু দুর্গা পূজাস্থলীসমূহত দেখা নগ’ল চৰকাৰে বান্ধি দিয়া নীতি–নির্দেশনাৰ কার্যকৰী ৰূপ৷ বৰং অধিকাংশ লোকে মাস্ক পৰিধান নকৰাকৈয়ে দুর্গা পূজাস্থলীসমূহত মুকলিকৈ ঘূৰি ফুৰা পৰিলক্ষিত হ’ল৷ ভিৰ নিয়ন্ত্রণৰ কোনো ব্যৱস্থা নকৰাত প্রতিখন দুর্গা পূজাস্থলীতে ভংগ হ’ল সামাজিক দূৰত্বৰ বিধি৷

Leave A Reply

Your email address will not be published.