কামৰূপ জিলাৰ বকোত বুধবাৰে পুৱা বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ শোকাবহ মৃত্যু হয়। বকো থানাৰ অন্তৰ্গত দেওচৰ নোৱাপাৰা গাঁৱৰ মধুৰাম কলিতা (৫০ )নামৰ লোকগৰাকীৰ নিজ গৃহত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় । পৰিয়ালৰ লোকে লোকগৰাকীক ততাতৈয়াকৈ ৩০খন বিচনাযুক্ত বকো গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে মধুৰাম কলিতাৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে