নিৰ্বাচনী প্ৰচাৰ সভাৰ মঞ্চত নিজে নেমু কাটি চৰবত বনাই খালে মুখ্যমন্ত্ৰীয়ে
বুধবাৰে ব্যতিক্ৰমী ৰূপত দেখা গ’ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ৷ ভৱানীপুৰ সমষ্টিৰ BJPৰ প্ৰাৰ্থী ফণী তালুকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড° শৰ্মা ৷ বাক্সাৰ গাতিত প্ৰচাৰ সভাৰ মঞ্চত বহিছে মুখ্যমন্ত্ৰী ৷ সন্মুখত এক খৰাহী নেমু ৷ নেমুৰ খৰাহীটো দেখি মুখ্যমন্ত্ৰী ৰৈ নাথাকিল ৷ নিজে নেমু কটাত লাগিল ৷ নিজে নেমু কাটি এটা গ্লাছত কটা নেমু চেপিলে ৷ তাৰ পিছত পানী অলপ মিহলাই খালে নেমুৰ চৰবত ৷ ইয়াৰ পিছতে ৰাইজক উদ্দেশ্যি ভাষণ দিবলৈ উঠি গ’ল মুখ্যমন্ত্ৰী ড° শৰ্মা ৷ কাষত দলীয় প্ৰাৰ্থী ফণী তালুকদাৰ ৷
মুখ্যমন্ত্ৰীয়ে ফণী তালুকদাৰক আজিৰ বিয়াৰ দৰা বুলি কৈ AIUDFক সমালোচনা কৰিলে ৷ মুখ্যমন্ত্ৰীয়ে ক’লে- “AIUDF এটা গোন্ধোৱা দল ৷ ফণী তালুকদাৰক ক’লোঁ, গোন্ধোৱা পাৰ্টী এৰক; BJPত যোগ দিয়ক ৷ পদুমৰ ভাল গোন্ধ লওক ৷ ফণী দা আহিলে আৰু এতিয়া পদুমৰ গোন্ধ লৈছে ৷ আপোনালোকে জানে যে AIUDFয়ে মহিলাক ঘৰত তলা-ছাবি মাৰি সোমোৱাই ৰাখে ৷ না আত্মসহায়ক গোট আছে না কিবা কৰিব দিয়ে ৷”
ভৱানীপুৰত সকলো দলে BJPৰ প্ৰাৰ্থী ফণী তালুকদাৰক সমৰ্থন কৰা বুলিও দাবী কৰে মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰীয়ে কয়, “সকলোৱে ফণী তালুকদাৰক সমৰ্থন দিছে ৷ BPFএও ফণী তালুকদাৰক সমৰ্থন কৰিছে ৷ কংগ্ৰেছ আৰু AIUDFয়েও মনৰ পৰা সমৰ্থন কৰি আছে ৷ সেয়ে মই কংগ্ৰেছ আৰু AIUDFৰ মানুহসকলক নমস্কাৰ কৰিছোঁ ৷ ভৱানীপুৰত গ’লকীপাৰ নাই, আমি যিমান পাৰোঁ গ’ল দি থাকিম ৷”
এনেদৰে বিৰোধী প্ৰাৰ্থীৰ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰা ওলাই যোৱাৰ সময়ত ৰাইজক উদ্দেশ্যি পুনৰ মাইকৰ কাষলৈ খৰখোজেৰে যায় ৷ মুখ্যমন্ত্ৰীৰ হাতত নেমু ভৰ্তি খৰাহী ৷ হাতত নেমু ভৰ্তি খৰাহীটো লৈ মুখ্যমন্ত্ৰীয়ে ৰাইজক ক’লে- “এই নেমুৰ খৰাহীটো ঘৰলৈ লৈ যাওঁ ৷ ঘৰত সুধিলে ক’ম; আজিৰ ইনকম বুলিবলৈ এই নেমুকেইটাই ৷”
এনেদৰে বাক্সাৰ গাতিত নেমু কাটি চৰবত বনাই খাই বিৰোধী শূন্য বুলি ৰাইজক কৈ আহিল মুখ্যমন্ত্ৰীয়ে ৷