ইন্দেশ্বৰ-লুকুৰী সোঁৱৰণী ফুটবল ট্ৰফীৰ চূড়ান্ত খেলত জয়ী সাতবিন্দী ৰিংখাং ক্লাব

কোকৰাঝাৰ জিলাৰ ছালাকাটি উপ আৰক্ষী চকীৰ অন্তৰ্গত তথা চিৰাং জিলাৰ বাসুগাঁও চহৰৰ নিকটৱৰ্তী জৰেগাঁও ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত ইন্দেশ্বৰ ৰায় আৰু লুকুৰী বালা ৰায় সোঁৱৰণী ফুটবল ট্ৰফীৰ চূড়ান্ত খেলত সাতবিন্দী ৰিংখাং ক্লাব জয়ী হয়। বিজয়ী দলে জৰেগাঁও কিৰণ সংঘ(বি টীম)ক টাইব্ৰেকাৰৰ জৰিয়তে ৫-৪ গলৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ীৰ মুকুট পিন্ধিবলৈ সক্ষম হয় ।

উল্লেখ্য যে খেলৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত গল শূন্য ভাৱে সামৰণি পৰাত টাইব্ৰেকাৰৰ সহায় ল’বলগীয়া হয়। ৰাফেল বাক্সে পৰিচালনা কৰা খেলখনত নেহৰু ৰায়, ৰঞ্জন ৰায় আৰু চতুৰ্থ ৰেফাৰী হিচাপে সহযোগ আগবঢ়ায় খনিন ৰায়ে। খেলৰ অন্ততঃ চূড়ান্ত বিজয়ী দলক প্ৰয়াত ইন্দেশ্বৰ ৰায় সোঁৱৰাণী ট্ৰফী প্ৰদান কৰে তেওঁৰে সহধৰ্মিনী তথা দাতা চিত্ৰা বালা ৰায় আৰু কণ্যা প্ৰতিভা ৰায়ে

Leave A Reply

Your email address will not be published.