ঝাৰখণ্ডত এনাকোণ্ডা সদৃশ অজগৰ উদ্ধাৰ
আপোনাৰ ঘৰৰ আশে–পাশে থকা বহু সাপ বা অজগৰো আপুনি হয়তো দেখিছে। পিছে এনাকোণ্ডাৰ দৰে বিশাল অজগৰ ভাৰতৰ যিকোনো হাবিত দেখা পাইছেনে? আমেৰিকাৰ আমাজনৰ হাবিত থকা এনাকোণ্ডাৰ দৰে বিশাল এনে এডাল অজগৰৰ ভিডিও অলপতে ভাইৰেল হয়। এই অজগৰডাল ইমানেই বিশাল আছিল যে ইয়াক ডাঙিবলৈ জেচিবি মাতিবলগীয়া হৈছিল।
ঝাৰখণ্ডৰ ধানবাদৰ সিন্দোৰীৰ এই দৃশ্য। এফচিআইৰ কেম্পাচত লুকাই থকা অজগৰডাল মানুহে কোনোপধ্যে লৰাবই নোৱাৰে। মানুহে জেচিবি আনিহে অজগৰডাল ডাঙিবলৈ সক্ষম হয়।