আৰক্ষীৰ জেৰাত মুখেই নুখুলিলে ইণ্ডাষ্ট্ৰিয়েল ক’অপাৰেটিভ বেংক’ৰ দুৰ্নীতিগ্ৰস্ত MD শুভ্ৰজ্যোতি ভৰালীয়ে, ন্যায়িক জিম্মালৈ প্ৰেৰণ

দি ইণ্ডাষ্ট্ৰিয়েল ক’অপাৰেটিভ বেংক’ৰ বিতৰ্কিত পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালীক হাজিৰ কৰোৱা হ’ল বিশেষ আদালতত৷ তিনিদিনৰ আৰক্ষী জিম্মাৰ অন্তত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে শুভ্ৰজ্যোতি ভৰালীক।

বেংকৰ ৫০ কোটি ধন আত্মসাতৰ অভিযোগত অভিযুক্ত ভৰালী। সেই সন্দৰ্ভত আৰক্ষীৰ জেৰাত মুখেই নুখুলিলে বিতৰ্কিত পৰিচালন সঞ্চালক ভৰালীয়ে। সহযোগী ৭ বিষয়া এতিয়াও পলাতক।

কেলেংকাৰীৰ সৈতে জড়িত বেংকটোৰ বিষয়া গণেশ ডেকা, ৰাজেশ্বৰ দাস ভৰালী গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা আত্মগোপন কৰি আছে। লগতে পলাতক হৈ আছে সঞ্চালক ৰিংকু বৰ্মন, অধ্যক্ষ মোহিত চন্দ্ৰ গয়াৰী, উপাধক্ষ্য নৰেন চন্দ্ৰ মেধি, সঞ্চালক মুকুল চন্দ্ৰ কলিতা৷

Leave A Reply

Your email address will not be published.