প্ৰধানমন্ত্ৰী মোডীয়ে আজি কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ উদ্বোধন কৰে
প্ৰধানমন্ত্ৰী মোডীয়ে আজি কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ উদ্বোধন কৰে।
প্ৰ্ধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি উত্তৰ প্ৰদেশৰ কুশীনগৰত নিৰ্মাণ কৰা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো শুভ উদ্বোধন কৰে।ৰাজ্যখনৰ এই আটাইতকৈ দীঘল ৰানৱেযুক্ত এই বিমান বন্দৰটোৰ পৰা আজি প্ৰথম খ্ন বিমানেৰে ১২৫ গৰাকী যাত্ৰী তথা বৌদ্ধ ভিক্ষুক লৈ অৱতৰণ কৰিব।তাৰ পিচতে মোডীয়ে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব।এই অনুষ্ঠানটোত বৌদ্ধ ভিক্ষুৰ উপৰিও শ্ৰীলংকাৰ এগৰাকী মন্ত্ৰীয়েও অংশগ্ৰহণ কৰিব।আনহাতে প্ৰধানমন্ত্ৰীৰ পূৰ্বে আজি কুশীনগৰত উপস্থিত হৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বিমান বন্দৰটো পৰিদৰ্শন কৰে।উল্লেখযোগ্য যে যোগী চৰকাৰে ২০২০ চনৰ ২৪ জুনত কুশীত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো নিৰ্মাণৰ কথা ঘোষণা কৰিছিল।