ৰঙিয়াত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ প্ৰতিকৃতি দাহ

বাংলাদেশত হিন্দু আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰুদ্ধে আজি ৰঙিয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰংগ দলৰ কৰ্মীসকলে । মৌলবাদী শক্তিৰ প্ৰৰোচনাত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত বসবাস কৰি অহা হিন্দু ধৰ্মাৱলম্বী লোক সকলে স্থাপন কৰা দুৰ্গা মন্দিৰ আৰু বৌদ্ধ মন্দিৰৰ ক্ষতি সাধন কৰাৰ অভিযোগ তোলে সংগঠন দুটাৰ নেতৃবৃন্দই । ৰঙিয়া নগৰৰ মাজ মজিয়াত প্ৰায় অৰ্দ্ধ শতাধিক কৰ্মীয়ে প্ৰতিবাদৰ সময়ত জয় শ্ৰী ৰাম , বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ কৰা নচলিব আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । বাংলাদেশৰ হিন্দু নাগৰিকক সুৰক্ষা প্ৰদান কৰিব নোৱাৰাৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰী সকলে।

Leave A Reply

Your email address will not be published.