অসমত ক’ৰোনাৰ তৃতীয় ঢ়ৌ আহিলে সমাজখন শেষ হৈ যাব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

অসমত ক’ৰোনাৰ তৃতীয় ঢ়ৌ আহিলে সমাজখন শেষ হৈ যাব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি ভৱানীপুৰত উপ–নির্বাচনৰ প্রচাৰ অভিযানৰ মাজতেই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ক’ভিডে ইতিমধ্যে দেশৰ বহুত ক্ষতি কৰিলে৷ তৃতীয়বাৰৰ বাবে যদি অসমত ক’ভিড আহে, স্কুল–কলেজ আদি যদি বন্ধ হয় সমাজখন শেষ হৈ যাব৷ ক’ভিডে ৰিক্সাচালক, ঠেলাচালক, অট’ৰিক্সা চালক, ক্ষুদ্র ব্যৱসায়ীসকলক আটাইতকৈ বেছি ক্ষতি কৰে৷ সেয়ে তেওঁ জনসাধাৰণক ক’ভিডৰ ভেকচিন ল’বলৈ আহ্বান জনাই কয় যে বহুতে ক’ভিড পৰিস্থিতি উন্নত হৈছে বুলি ভাবি দ্বিতীয়টো ভেকচিন লোৱাৰ পৰা বিৰত থাকে৷ তেনে কৰা উচিত নহয়৷ প্রত্যেক ব্যক্তিকে ক’ভিডৰ দুয়োটা ভেকচিন ল’বলৈ তেওঁ আহ্বান জনায়৷ ক’ভিডৰ দ্বিতীয় ঢ়ৌৰ সময়ৰ কথা উল্লেখ কৰি তেওঁ কয় যে যোৱাবাৰ পূজা হ’ল, নির্বাচনো হ’ল৷ কিন্তু এপ্রিল মাহৰ বিহুৰ পাছতে ক’ভিড আহিল৷ সেয়ে তেওঁ সকলোকে ভেকচিন লোৱাৰ লগতে এইক্ষেত্রত সজাগ–সচেতন হৈ থাকিবলৈ আহ্বান জনায়৷

ইপিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শর্মাই আজি সংবাদ মাধ্যমৰ আগত কয় যে শাৰদীয় দুর্গোৎসৱৰ পাছত ক’ভিড আক্রান্তৰ সংখ্যা কিছু বাঢ়িছে৷ এই বৃদ্ধি এতিয়ালৈ এলার্মিং নহয় যদিও সংখ্যা বাঢ়িছে৷ এয়া পূজাৰ সময়ত হোৱা জনসমাগমৰ বাবেও হ’ব পাৰে৷ সেয়ে তেওঁ জনসাধাৰণক মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়৷ যোৱা ১০ অক্টোবৰৰ পৰা ১৯ অক্টোবৰলৈ কামৰূপ মহানগৰ জিলাত ১,৮৭০গৰাকী, যোৰহাটত ২১৮গৰাকী, বৰপেটাত ১৫০গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ এই সংখ্যা যদি বেছি বৃদ্ধি পায়, চৰকাৰে নিশ্চিতভাৱে পদক্ষেপ গ্রহণ কৰিব৷

ইতিমধ্যে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই সেই বিষয়ে প্রকাশো কৰিছে৷ সেইদৰে ক’ভিডত আক্রান্ত হোৱা লোকসকল কমেও ছমাহলৈ সাৱধানে থকাৰ পৰামর্শ দি তেওঁ কয় যে ক’ভিড নিগেটিভ হোৱাৰ পাছত কিছুমানে ১০ দিন বিশ্রাম লৈয়ে চাইকেল চলোৱা, খোজকঢ়া, ব্যায়াম কৰা আৰম্ভ কৰে৷ কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই কৈছে ক’ভিডত আক্রান্ত হোৱাৰ পাছত ২২১টা নতুন নতুন ছিণ্টম আহিব পাৰে৷ সেয়ে তেওঁলোকে কমেও ছমাহ নিয়মিত চিকিৎসকৰ পৰামর্শ গ্রহণ কৰা উচিত বুলি ডাঃ শর্মাই মন্তব্য কৰে

Leave A Reply

Your email address will not be published.