সৰ্বভাৰতীয় পৰ্যায়ত আকৌ এবাৰ উজ্বলি উঠিছে অসমৰ এগৰাকী শিক্ষাৰ্থী। অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত অৱস্থিত ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ চূড়ান্ত পৰীক্ষাত ‘শব্দবোধ’ বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি এই কৃতিত্ব অৰ্জন কৰিছে। অসম সন্তান দীপাংকৰ ভট্টাচাৰ্যই এই সাফল্য লাভ কৰিছে। ছাত্ৰগৰাকীৰ এই সফলতাৰ বাবে বিশ্ববিদ্যালয়খনে প্ৰদান কৰিছে সোনৰ পদক। সংস্কৃত বিশ্ববিদ্যালয়খনৰ কুলাধিপতি পদ্মভূষণ এন গোপালাস্বামীয়ে দীপাংকৰক প্ৰদান কৰে এই সন্মান।
বিগত শিক্ষা বৰ্ষৰ এই সন্মান প্ৰদান অনুষ্ঠানটো আজি অনুষ্ঠিত হয় তিৰুপতি তিৰুমালা দেৱস্থানৰ মাহাতী প্ৰেক্ষাগৃহত। উল্লেখনীয় যে, নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লৈ উচ্চ শিক্ষা গ্ৰহণৰ বাবে তিৰুপতিৰ ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়লৈ গৈ সফলতা লাভ কৰা দীপাংকৰ ভট্টাচাৰ্য গুৱাহাটী লাল মাটিৰ দিলীপ ভট্টাচাৰ্য আৰু মালবিকা ভট্টাচাৰ্যৰ পুত্ৰ।