বিগত ২৪ ঘণ্টাত দেশত ১৮,৪৫৪জন লোক আক্ৰান্ত কোৰোণাত, মৃত্যু ১৬০জনৰ

কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনাৰ উত্থান–পতন অব্যাহত আছে। বিগত ২৪ ঘণ্টাত দেশত কোভিড–১৯ত ১৮ হাজাৰ ৪৫৪জন লোক আক্ৰান্ত হৈছে। ১৬০জন লোকৰ মৃত্যু হৈছে এই সময়ছোৱাত। নতুন সংখ্যাকে ধৰি দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৩ কোটি ৪১ লাখ ২৭ হাজাৰ ৪৫০জন হৈছেগৈ। আনহাতে, এতিয়ালৈ ৪ লাখ ৫২ হাজাৰ ৮১১জন লোকে প্ৰাণ হেৰুৱাইছে এই মহামাৰীত। বৰ্তমান ১ লাখ ৭৮ হাজাৰ ৮৩১জন লোকৰ চিকিৎসা চলি আছে।

Leave A Reply

Your email address will not be published.