নিলম্বিত ডিআইজি ৰৌণক আলী হাজৰিকাৰ পত্নীক জেৰা : অগাধ সম্পত্তিৰ মালিক পত্নীও
নিলম্বিত ডিআইজি ৰৌণক আলী হাজৰিকাক গ্ৰেপ্তাৰ কৰাৰ পাছতে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে চকু ৰাখিছে প্ৰতিটো দিশতে৷ এইবাৰ আলীৰ পত্নী নুছৰাত ৰৌণক আলী হাজৰিকাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাৰ্যালয়ত জেৰা আৰম্ভ কৰিছে তদন্তকাৰী বিষয়াই৷ ৰৌণকৰ সকলো সম্পত্তি পত্নীৰ নামত থকা বাবে বুধবাৰে জাননী প্ৰেৰণ কৰিছিল বিভাগে৷
কোনো বাৰ্ষিক আয় নোহোৱাকৈ গুৱাহাটীৰ চাৰিঠাইত বিশাল সম্পত্তি আৰু চিমলাতো নুছৰাতৰ নামত সম্পত্তি থকাৰ তথ্য লাভ কৰে৷ অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা নুছৰাতৰ এই সম্পত্তিৰ সম্ভেদ লাভ কৰিয়ে তদন্তকাৰী বিষয়াই জাননী প্ৰেৰণ কৰিছিল নুছৰাতক৷
সেই জাননীৰ পাছতেই বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাৰ্যালয়ত উপস্থিত হয় নিলম্বিত ডিআইজি ৰৌণকৰ পত্নী৷ ইয়াৰ পাছতে আদালতত জবানবন্দীৰ বাবে লৈ যোৱা হয় নুছৰাত ৰৌণক আলী হাজৰিকাক৷ ইফালে ৰৌণকৰ ধন চল-চতুৰেৰে তেওঁৰ জীয়েকৰ একাউণ্টত সুমুৱাই দিয়া এজন ব্যক্তি ফৰিদ আলীকো গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে।