অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিত বৰাক চৰাইদেউ জিলাৰ অন্তৰ্গত ‘চলা গ্ৰাম্য অভয়াৰণ্য’ৰ ব্ৰেণ্ড এম্বেছাদৰ ঘোষণা

চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলসমূহৰ ভিতৰত অন্যতম এখন বনাঞ্চল হ’ল চলা সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চলখনক সুৰক্ষিত কৰাৰ স্বাৰ্থত চলাপথাৰ শ্যাম গাঁৱৰ লগতে দাঁতিকাষৰীয়া গাঁৱৰ জনসাধাৰণে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

বিভিন্ন জীৱ-জন্তু, কীট-পতংগ, পক্ষী, পখিলা, ঔষধি তথা বিলুপ্তপ্ৰায় গছ-বনেৰে ভৰপূৰ বনাঞ্চলখনক সংৰক্ষিত কৰিবলৈ চলাপথাৰ শ্যাম গাঁৱৰ ডেৰশ বছৰীয়া জয়ন্তীৰ কাৰ্যসূচীত গাঁওখনৰ ৰাইজে “চলা গ্ৰাম্য অভয়াৰণ্য” নামেৰে নামকৰণ কৰে বনাঞ্চলখনক। তাৰ পৰৱৰ্তী সময়ত “চলা ভিলেজ চেনচুৱেৰী কনজাৰভেচন ছচাইটি” গঠন কৰি গ্ৰাম্য অভয়াৰণ্যখন সংৰক্ষণৰ বাবে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়।

আনহাতে ৬৩৮ হেক্টৰ মাটিকালিৰ এই গ্ৰাম্য অভয়াৰণ্যত অসম চৰকাৰৰ বন বিভাগে মাত্ৰ চাৰিগৰাকী লোকক নিয়োজিত কৰাৰ পৰিপ্ৰেক্ষিতত চলা ভিলেজ চেনচুৱেৰী কনজাৰভেচন ছচাইটীৰ দ্বাৰা নৈশ পহৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই চলা ভিলেজ কনজৰাভেচন ছচাইটীৰ তৃতীয় বৰ্ষপূৰ্তিৰ অনুষ্ঠান বুধবাৰে গ্ৰাম্য অভয়াৰণ্যখনৰ মাজত অনুষ্ঠিত হয়।

Leave A Reply

Your email address will not be published.